May 30, 2025 11:45 AM

views 18

ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত এটা উজ্জ্বল অধ্যায়ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ছিকিমৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভার্চুৱেলি অংশ লৈ কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত এটা উজ্জ্বল অধ্যায় বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছিকিমৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত তেওঁৰ চৰকাৰৰ প্ৰচেষ্টাৰ কথা দোহাৰে। এই ক্ষেত্ৰত নিৰ্মীয়মান চেৱোক ৰংপো ৰে'লপথে ছিকিমক দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় য...