December 23, 2024 12:34 PM December 23, 2024 12:34 PM

views 3

পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ ৩৮২ খন বিদ্যালয়লৈ ১২০ কোটি টকা মুকলি

পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ ৩৮২ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১২০ কোটি টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় চৰকাৰে পি এম শ্ৰী আঁচনিৰ অধীনত দেশৰ ১২,০৮৪ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষা বিভাগৰ এটা সূত্রই জানিবলৈ দিয়া মতে দুটা পৰ্যায়ত অসমৰ নিৰ্বাচিত এই ৩৮২ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন সাধন কৰা হ'ব। ইয়াৰ ভিতৰত ২৬৬ খন বিদ্যালয় প্রথম পর্যায়ত আৰু বাকী ১১৬ খন বিদ্যালয় দ্বিতীয় পৰ্যায়ত আন্তঃগাঁথনি উন্নয়নৰ বাবে বাচনি কৰা হৈছে। এই বিদ্যালয...