December 17, 2024 11:25 AM

views 11

ৰাজস্থানৰ বৰ্তমানৰ চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন

ৰাজস্থানৰ বৰ্তমানৰ চৰকাৰখন শাসনলৈ অহাৰ এটা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাজ্যখনৰ জয়পুৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব আৰু ৰাজ্যখনৰ শক্তি, পথ, ৰে'লৱে আৰু জলখণ্ডৰ সৈতে জড়িত ২৪টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহ ৰূপায়ণৰ বাবে ৪৬ হাজাৰ ৩০০ কোটিতকৈও অধিক ধন ব্যয় কৰা হ'ব। তেওঁ লগতে অনুষ্ঠানত সমবেত ৰাইজক উদ্দেশ্যি ভাষণ দিব। অনুষ্ঠানত ৰাজস্থান আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্রীদ্বয়ৰ লগতে ভালেকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়েও অংশগ্ৰহণ ক...