December 5, 2024 12:33 PM

views 29

কুৱেটৰ বিদেশ মন্ত্রী আব্দুল আল য়াহয়াৰ সৈতে হোৱা কথা বতৰাত শ্রীমোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেটৰ বৰ্তমানৰ অধ্যক্ষতাত গালফ সহযোগিতা পৰিষদ, জি চি চি আৰু ভাৰতৰ মাজত সহযোগিতা অধিক বৃদ্ধি পাব বুলি আশ্বাস ব্যক্তি কৰিছে। প্ৰধানমন্ত্ৰীৰ বাসগৃহত কালি কুৱেটৰ বিদেশ মন্ত্রী আব্দুল আল য়াহয়াৰ সৈতে হোৱা কথা বতৰাত শ্রীমোদীয়ে এই আশ্বাস ব্যক্তি কৰে। দুয়োগৰাকী নেতাই বেপাৰ-বাণিজ্য, বিনিয়োগ শক্তি, উদ্যোগ, সংস্কৃতি আদিৰ লগতে উভয় দেশৰ জনসাধাৰণৰ মাজত সম্বন্ধক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্র বিভিন্ন উপায় সন্দৰ্ভত আলোচনা কৰে।