December 5, 2025 7:56 PM

views 14

হায়দৰাবাদ হাউছত প্রধানমন্ত্রী আৰু ভ্লাদিমিৰ পুটিনৰ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আজি নতুন দিল্লীৰ হায়দৰাবাদ হাউছত বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাকালত বাণিজ্য, অর্থনীতি, স্বাস্থ্য যতন, শিক্ষা, সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হয়। দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি সন্ধিয়া নতুন দিল্লীৰ বিমান বন্দৰত আদৰণি জনায়। আজি পুৱা ৰাষ্ট্রপত...