July 17, 2024 10:13 AM

views 18

মেক ইন ইণ্ডিয়া অভিযানে দেশৰ অৰ্থব্যৱস্থা গোলকীয় মঞ্চত আগুৱাই নিছে : প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে মেক ইন ইণ্ডিয়া অভিযানে কিদৰে দেশৰ অৰ্থব্যৱস্থা গোলকীয় মঞ্চত আগুৱাই লৈ গৈছে সেই কথা প্ৰকাশ কৰিছে। পোষ্টটোত মেক ইন ইণ্ডিয়া অভিযানৰ আভাস দি এইবুলি কোৱা হৈছে যে সমগ্ৰ বিশ্বত ভাৰতীয় বাইচাইকেলৰ চাহিদা বৃদ্ধি পাইছে। ব্ৰিটেইন, জার্মানী আৰু নেডাৰলেণ্ডছলৈ ৰপ্তানি বৃদ্ধি পাইছে। চাহিদা বৃদ্ধিৰ এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ বৰ্দ্ধিত প্ৰভাৱকেই প্রতিফলিত কৰিছে। পোষ্টটোত প্ৰকাশ কৰা মতে বিহাৰত প্ৰস্তুত কৰা জোটা ৰাছিয়াৰ সেনাবাহিনীয়ে ব্যৱহাৰ...