April 9, 2024 5:56 PM

views 30

লক্ষ্য যিমানেই কঠিন নহওক কিয়, ভাৰতে এবাৰ ঠিৰাং কৰিলে ই সেই লক্ষ্যত উপনীত হ’বই বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতে ইয়াৰ বাবে যে, একো সাফল্য অসম্ভৱ নহয়, সেয়া দেখুৱাই দিছে। উত্তৰ প্ৰদেশৰ পিলিভিডৰ এখন নির্বাচনী সভাত ভাষণ দি শ্রীমোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, লক্ষ্য যিমানেই কঠিন নহওক কিয়, ভাৰতে এবাৰ ঠিৰাং কৰিলে ই সেই লক্ষ্যত উপনীত হ'বই। এই অনুপ্ৰেৰণা আৰু শক্তিৰেই বৰ্তমান চৰকাৰে ভাৰতক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে, কংগ্ৰেছ চৰকাৰে বিশ্বৰ পৰা সহায় বিচাৰিছিল যদিও ক...