April 11, 2024 7:28 PM
29
মহাত্মা ফুলেৰ জন্মবার্ষিকী উপলক্ষে প্রধানমন্ত্রীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মহাত্মা ফুলেৰ জন্মবার্ষিকী উপলক্ষে মহাত্মাগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে, মহাত্মা ফুলে এগৰাকী ভৱিষ্যদর্শী সমাজ সংস্কাৰক আছিল। তেওঁ সমতাৰ হকে নিষ্ঠাৰে কাম কৰাৰ লগতে অন্যায়ৰ বিৰুদ্ধে আজীৱন যুঁজ কৰিছিল। তেওঁৰ চিন্তাধাৰাই লাখ লাখ লোকক উদ্বুদ্ধ কৰিছিল বুলিও শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে, শিক্ষা আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত মহাত্মা ফুলেৰ অবিৰত প্ৰচেষ্টাই সমাজত স্থায়ী চাপ এৰিছে। দৰিদ্ৰ আৰু প্রান্তী...