July 31, 2025 9:23 AM

views 17

কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সংকল্পৰ সৈতে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰাজ্যসভাত অপাৰেচন সিন্দূৰ বিতৰ্কত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কৰা মন্তব্যৰ শলাগ লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সংকল্পৰ সৈতে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে। কালি দিনৰ ভাগত ৰাজ্যসভাত সিন্দূৰ অভিযান সন্দৰ্ভত হোৱা বিতৰ্কত ভাগ লৈ কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই ২০০৪-২০১৪ সময়ছোৱাৰ সৈতে বৰ্তমানৰ ২০১৪-২০২৫ চনৰ সময়খিনি তুলনা কৰি ৰাষ্ট্ৰীয় সুৰক্ষা, সামৰিক প্ৰত্যুত্তৰ তথা ৰাজনৈতিক সদিচ্ছা সন্দৰ্ভত ভাৰতৰ শক্তিশালী পৰিৱৰ্তন সন্দৰ্ভত আলোকপাত কৰে।...