July 9, 2024 7:03 PM

views 28

মস্কোত আজি ভাৰতীয় সম্প্ৰদায়ৰ লোকৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপি চৰকাৰে তৃতীয় কাৰ্যকালত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থ ব্যৱস্থাৰ দেশৰূপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাছিয়াৰ মস্কোত আজি ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সম্প্ৰতি ভাৰত নিৰ্ধাৰণ কৰা যিকোনো লক্ষ্যত উপনীত হ'বলৈ সমৰ্থ হৈছে। তৃতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পাছত হোৱা এই কথোপকথনত শ্ৰী মোদীয়ে কয় যে তেওঁ তিনিগুণ অধিক শক্তি আৰু গতিৰে কাম কৰাৰ সংকল্প গ্ৰহণ কৰিছে। তেওঁ কয় যে বর্তমান ভাৰতে বিশ...