August 6, 2025 1:42 PM

views 12

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত এম এছ স্বামীনাথন শতবার্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত এম এছ স্বামীনাথন শতবার্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। কৃষি বিজ্ঞান আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত অগ্রণী ব্যক্তি, অধ্যাপক স্বামীনাথনৰ জন্মশতবৰ্ষ উদযাপনৰ লক্ষ্যৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমীৰ সহযোগত এম এছ স্বামীনাথন গৱেষণা প্ৰতিষ্ঠানে কাইলৈৰ পৰা অহা শনিবাৰলৈ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। এই সন্দৰ্ভত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালকপ্ৰধান ড° এম এল জাতে সাংবাদিক...