October 11, 2025 12:01 PM October 11, 2025 12:01 PM
27
নতুন দিল্লীত আজি কৃষি আৰু অন্যান্য অনুষংগিক খণ্ডৰ কেইবাটাও প্ৰকল্পৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এটা বিশেষ কৃষি কাৰ্যসূচীত কৃষি আৰু অন্যান্য অনুষংগিক খণ্ডৰ ৪২ হাজাৰৰো অধিক টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰিব। কৃষিখণ্ডত শ্রীমোদীয়ে প্রধানমন্ত্ৰী ধন ধান্য যোজনা আৰু দাইল ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অভিযান মুকলি কৰিব। এই অনুষ্ঠানতে প্রধানমন্ত্ৰীয়ে কৃষকসকলৰ সৈতে মত বিনিময় কৰিব। এই কাৰ্যসূচীয়ে কৃষকসকলৰ কল্যাণ, কৃষি আত্মনিৰ্ভৰশীলতা আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে চৰকাৰৰ অবিৰত প্ৰতিশ্ৰুতিবদ্ধতাকেই প্রতিফলি...