July 22, 2025 8:45 PM
16
প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে মনোনয়ন দাখিলৰ সময়সীমা ১৫ আগষ্টলৈ বৃদ্ধি
প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে মনোনয়ন দাখিলৰ সময়সীমা ১৫ আগষ্টলৈ বৃদ্ধি কৰা হৈছে। এই পুৰস্কাৰৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৰ্টেলৰ জৰিয়তে পহিলা এপ্ৰিলৰ পৰা মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সাহসীকতা, সমাজ সেৱা, পৰিবেশ, ক্রীড়া, কলা-সংস্কৃতি আৰু বিজ্ঞান-প্ৰযুক্তি ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভৰ যোগ্য শিশুসকলক এই বঁটা প্ৰদান কৰা হয়। ৫ বছৰৰ পৰা ১৮ বছৰ তলৰ শিশু, কিশোৰ-কিশোৰীসকলক এই বঁটাৰ বাবে যোগ্য বুলি বিবেচনা কৰা হয়।