January 1, 2025 3:26 PM

views 32

উদ্ভাৱন আৰু সাহসিকতাৰ প্রদর্শনেৰে অসংখ্য লোকক অনুপ্রাণিত কৰাৰ বাবে সেউজ সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰত হৈছে প্ৰতিভাৰ শক্তিকেন্দ্ৰ, যিয়ে উদ্ভাৱন আৰু সাহসিকতাৰ প্রদর্শনেৰে অসংখ্য লোকক অনুপ্রাণিত কৰে। এই ক্ষেত্ৰত তেওঁ সেউজ সেনাৰ উদাহৰণ ডাঙি ধৰি তেওঁলোকৰ অনুপ্ৰেৰণাদায়ক কাম কাজমসূহৰ প্ৰশংসা কৰে। সেউজ সেনা হৈছে বাৰানসীৰ দেওৰাৰ মহিলাৰ এটা গোট, যিয়ে মাদকদ্রব্য আৰু জুৱা খেলৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰি আহিছে। এই সেউজ সেনাই কন্যাশিশুৰ জন্মক উদযাপন কৰি সমাজৰ পৰা লিংগ বৈষম্যৰ ভাৱধাৰাক আঁতৰ কৰাৰ লগতে যৌতুকৰ বিৰুদ্ধেও যুঁজ দি আহিছে।

January 1, 2025 2:04 PM

views 29

যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ ভালেমান আঁচনি আৰু কাৰ্যসূচী মুকলি

কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে উদ্ভাৱন, দক্ষতা বিকাশ, উদ্যমিতা আৰু প্রযুক্তিগত বিকাশৰ বাবে ভালেমান আঁচনি আৰু কাৰ্যসূচী মুকলি কৰিছে। বিগত ১০ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ বাবে অপাৰ সুযোগৰ নতুন পথ মুকলি কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত চৰকাৰী চাকৰিৰ বাবে ১৫ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তিপত্র প্রদান কৰা হৈছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ সংখ্...

October 21, 2024 7:40 PM

views 23

ভাৰতে গোলকীয় ভৱিষ্যৎ গঢ়াৰ দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতে গোলকীয় ভৱিষ্যৎ গঢ়াৰ দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। তেওঁ কয় যে, দেশে সকলো ক্ষেত্ৰতে এক অভূতপূৰ্ব স্তৰত আগবাঢ়ি আছে। এটা ব্যক্তিগত সংবাদ আউটলেটৰ দ্বাৰা আয়োজিত বিশ্ব শীর্ষ সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে কয় যে, বিশ্বই এ আইক কৃত্রিম বুদ্ধিমত্তা হিচাপে স্বীকৃতি দিলেও ভাৰত হৈছে ভিন্ন ধৰণৰ কৃত্রিম বুদ্ধিমত্তা আকাংক্ষিত ৰাষ্ট্ৰ। তেওঁ কয় যে, যি সময়ত বিশ্ব অনিশ্চয়তাত ডুব গৈছিল সেই সময়ত ভাৰতে এক আশাৰ ৰেঙনি হিচাপে আত্মপ্ৰকাশ কৰিছিল। কোভিড-১৯, বিশ্ব অ...

August 31, 2024 8:12 PM

views 27

প্রধানমন্ত্ৰী মোদীয়ে অহা ৯ চেপ্তেম্বৰত ২১ সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ চেপ্তেম্বৰত ২১ সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো প্রস্তুতি অব্যাহত আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি এই পিয়লৰ বাবে জিলা পৰ্যায়ৰ গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। অসম পশুপালন বিভাগৰ অধীনত হাটশিঙিমাৰী মহকুমা পশুপালন বিভাগে জিলাখনৰ শতাধিক বিষয়া- কৰ্মচাৰীক এখন কৰ্মশালাৰ জৰিয়তে পশুধনৰ গণনাকাৰ্য্য সম্পৰ্কে অৱগত কৰে। এই কাৰ্যসূচীত হাটশিঙিমাৰী মহকুমা পশুপালন বিষয়াকে ধৰি কেইবা...

August 31, 2024 6:07 PM

views 32

মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজনঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছে। তেওঁ কয় যে, মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে। শ্ৰী মোদীয়ে নাৰী নিৰ্যাতনৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দ্রুত হোৱাত গুৰুত্ব দি কয় যে, তেতিয়াহে মহিলাৰ সুৰক্ষা নিশ্চিত হৈ উঠিব। প্রধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত দুদিনীয়া ৰাষ্ট্ৰীয় জিলা ন্যায়িক সমাৰোহ উদ্বোধন কৰি দিয়া ভাষণত আ...

August 21, 2024 2:16 PM

views 28

পোলেণ্ড আৰু ইউক্রেইন ভ্ৰমণলৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে পোলেণ্ড আৰু ইউক্রেইন ভ্ৰমণলৈ ৰাওনা হৈছে। আজি সন্ধিয়া শ্রীমোদী পোলেণ্ডত উপস্থিত হ'ব। তেওঁ জামছাহেব নাৱানগৰ স্মাৰক আৰু কলহাপুৰৰ মণ্টে কেছিন যুদ্ধ স্মাৰকত মাল্যাৰ্পণ কৰিব। প্রধানমন্ত্রী মোদীয়ে কৈছে যে, পোলেণ্ড হৈছে মধ্য ইউৰোপৰ অৰ্থনীতিৰ মূল চাবি কাঠি। তেওঁ কয় যে, ভাৰত আৰু পোলেণ্ডৰ মাজত গণতন্ত্ৰৰ প্ৰতি পাৰস্পৰিক দায়বদ্ধতাই দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্কৰ্ক সুদৃঢ় কৰিব। শ্রীমোদীক পোলেণ্ডৰ ৰাজধানী ৱাছত আনুষ্ঠানিকভাৱে আদ...

July 20, 2024 8:05 PM

views 27

প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮,৬০০ কোটি টকাৰ ঋণ বিতৰণ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কৈছে যে, প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮ হাজাৰ ৬০০ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে। নতুন দিল্লীত আজি ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধীকৰণে আয়োজন কৰা পদপথৰ খাদ্য ব্যৱসায়ীসকলৰ প্ৰশিক্ষণ আৰু সজাগতা অনুষ্ঠানত পদপথৰ খাদ্য ব্যৱসায়ীসকলৰ বাবে খাদ্য সুৰক্ষা প'ৰ্টেল আৰু নাতি-নীৰ্দেশনা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশিক্ষণ আৰু দক্ষতাৰ বিকাশৰ জৰিয়ত...

July 6, 2024 5:55 PM

views 15

ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত আজি শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে, ৬০ শ্যামাপ্রসাদ মুখাৰ্জীয়ে তেওঁৰ বলিষ্ঠ ৰাষ্ট্ৰীয় চিন্তাৰে ভাৰতবাসীক গৌৰৱান্বিত কৰিছিল। তেওঁ লগতে কয় যে, মাতৃ ভূমিৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু আত্মত্যাগৰ কথাই সদায় দেশবাসীক অনুপ্ৰাণিত কৰি ৰাখিব। গৃহমন্ত্রী অমিত শ্বাহে কয় যে, যেতিয়াই দেশত একতা আৰু সমন্বয়ৰ আলোচনা কৰা হয় তেতিয়াই ড০ শ্যামাপ...

June 27, 2024 8:24 PM

views 20

সংসদ ভৱনত বিহাৰ জনতা দলৰ সাংসদৰ প্ৰতিনিধি দলৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ

বিহাৰৰ জনতা দলৰ সাংসদৰ এটা প্ৰতিনিধি দলে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা বার্তা যোগে শ্রীমোদীয়ে কয় যে, বিহাৰত বিজেপি আৰু J D U ই একেলগে দুৰ্বল শাসন, দুৰ্নীতি আৰু অপৰাধীকৰণৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক দীঘলীয়া ইতিহাস আছে। তেওঁ লগতে যে, মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বই বিহাৰক উন্নয়নৰ পথত লৈ গৈছে আৰু সুশাসনৰ বাবে দুয়োপক্ষই একেলগে কাম কৰি যাব।

June 25, 2024 6:19 PM

views 23

১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধার্ঘ্য নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ শ্ৰদ্ধার্ঘ্য নিবেদন কৰিছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে এই দিনটোৱে আমাক কংগ্ৰেছে কিদৰে বুনিয়াদী স্বাধীনতা খণ্ডন কৰিছিল আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সন্মানৰ সংবিধান অমান্য কৰিছিল, সেই কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে সকলো গণতান্ত্রিক নীতি বিসর্জন দি সমগ্ৰ ৰাষ্ট্ৰক এখন কাৰাগাৰত পৰিণত কৰিছিল। শ্ৰী মোদীয়ে কয় যে জৰুৰীকালীন অৱস্থা বলৱৎ কৰাসকলৰ সংবিধানৰ প্ৰতি মৰমক লৈ ভাষণ দিয়াৰ ক...