September 20, 2024 1:34 PM

views 21

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধা ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধা ভ্ৰমণ কৰিব। পি এম বিশ্বকৰ্মা আঁচনিৰ এবছৰৰ অগ্ৰগতি উপলক্ষে ৰাষ্ট্ৰীয় ‘পি এম বিশ্বকর্মা’ কাৰ্যসূচীত প্রধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। কাৰ্যসূচীৰ সময়ত প্রধানমন্ত্রী মোডীয়ে প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ হিতাধিকাৰীসকলক প্ৰমাণ-পত্ৰ আৰু ঋণ মোকলাই দিব। এই আঁচনিৰ অধীনত শিল্পীসকলক দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতীক হিচাপে তেওঁ পি এম বিশ্বকৰ্মাৰ অধীনত ১৮টা খণ্ডৰ ১৮জন হিতাধিকাৰীক ঋণ প্ৰদান কৰিব। তেওঁলোকে সমাজলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই শ্রী মোদীয...