July 8, 2024 12:33 PM

views 19

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজিৰে পৰা তিনিদিনীয়াকৈ কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে মস্কোত ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এই বার্ষিক সন্মিলনে প্রধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতা, শিক্ষা, সংস্কৃতি তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। দুয়োগৰাকী নেতাই লগত...