June 16, 2024 7:23 PM

views 16

যোগ দিৱসৰ পূৰ্বে প্রধানমন্ত্ৰীৰ পদ্মহস্তাসনৰ ভিডিঅ’ প্ৰচাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে আজি সামাজিক মাধ্যমযোগে পদ্মহস্তাসনৰ এটা ভিডিঅ' প্ৰচাৰ কৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উপকাৰৰ হেতু এই আসনৰ অনুশীলন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ভিডিঅ' ক্লিপটোত হিন্দী আৰু ইংৰাজী ভাষাত এই আসনৰ বিভিন্ন উপকাৰ আৰু অনুশীলনৰ পদক্ষেপসমূহৰ পুংখানুপুখ ব্যাখ্যা আগবঢ়োৱা হৈছে।