September 17, 2024 6:43 PM

views 17

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি ধৰি বিভিন্ন নেতাৰ নেতাগৰাকীলৈ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন উপলক্ষে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে প্রধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। ৰাষ্ট্র প্রথম' ভাৱনাৰে চলোৱা প্ৰধানমন্ত্ৰীৰ অভূতপূৰ্ব প্ৰয়াসে ভাৰতক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ পথ প্রশস্ত কৰি তুলিব বুলি ৰাষ্ট্ৰপতিয়ে আশা প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে...