April 7, 2025 7:37 PM
33
প্রধানমন্ত্রী মুদ্রা যোজনাৰ অধীনত ৩২ লাখ কোটি টকাতকৈও অধিক পৰিমাণৰ ঋণ প্ৰদান
প্রধানমন্ত্রী মুদ্রা যোজনাৰ অধীনত বৰ্তমানলৈ ৩২ লাখ কোটি টকাতকৈও অধিক পৰিমাণৰ ঋণ প্ৰদান কৰা হৈছে। ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ প্ৰতিষ্ঠানলৈ ১০ লাখ টকা পৰ্যন্ত ঋণ আগবঢ়োৱাৰ উদ্দেশ্যে ২০১৫ চনত আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে ঋণ গ্ৰহণ কৰা লোকৰ সংখ্যা সম্প্ৰতি ৫২ কোটিৰো অধিক হৈছেগৈ। সামগ্ৰিকভাৱে বিত্তীয় সহায়ৰ ব্যৱস্থাক সাঙুৰি লৈ এনে প্ৰতিষ্ঠানসমূহৰ সৱলীকৰণৰ লক্ষ্যৰে আগবঢ়োৱা ঋণসমূহক তিনিটা শিতানত ভাগ কৰা হৈছে। ইয়াৰে শিশু শিতানত ৫০ হাজাৰ টকা পৰ্যন্ত, কিশোৰ শিতানত ৫ লাখ টকা পৰ্যন্ত আৰু তৰুণ শিতানত ১০ লাখ টকা...