December 16, 2025 12:29 PM

views 16

জর্ডানত ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রতিনিধি পৰ্যায়ৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অম্মানত জর্ডানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ সৈতে প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজত ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্কৰ বিষয়ে আলোকপাত কৰা হয়। প্রধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে জর্ডানৰ দৃঢ় স্থিতিৰ প্ৰশংসা কৰি ভাৰত আৰু জৰ্ডানৰ মাজত সন্ত্ৰাসবাদ প্রতিহত কৰাৰ ক্ষেত্ৰত এক উমৈহতীয়া পন্থা আছে বুলি কয়। প্রধানমন্ত্ৰীয়ে ২০১৫ চনত দুয়োখন ৰাষ্ট্ৰৰ মাজত হোৱা প্ৰথমখন বৈঠকৰ কথা উল্লেখ কৰি ৰজা দ্বিতীয় আব্দুলাৰ নেতৃত...