August 4, 2025 12:07 PM

views 15

গুজৰাটত দেশৰ প্ৰথমটো সেউজ হাইড্ৰজেন প্রকল্প কাৰ্যকৰী

গুজৰাটৰ কাণ্ডলা বন্দৰত থলুৱাভাৱে নিৰ্মিত দেশৰ প্ৰথমটো সেউজ হাইড্ৰজেন প্রকল্প কাৰ্যকৰী হোৱাৰ লগে লগে বহনক্ষমতাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ব্যৱস্থাৰ প্ৰশংসা কৰিছে। দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ অধীনত নিৰ্মাণ কৰা এই প্ৰকল্পই শূন্য কাৰ্বন নিগমনৰ লক্ষ্য প্রাপ্তিৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে শূন্য কার্বন নির্গমনৰ ক্ষেত্ৰত দেশৰ দৃষ্টিভংগীক শক্তিশালী কৰাত এয়া সঁচাকৈয়...

August 1, 2025 11:05 AM

views 14

কাইলৈ বাৰাণসীত প্রধানমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণৰ সময়ত, প্রধানমন্ত্রী কিষাণ আঁচনিৰ কুৰি সংখ্যক কিস্তি হিচাপে ৯ কোটি ৭০ লাখৰো অধিক খেতিয়কলৈ চাৰে ২০ হাজাৰ কোটি টকা মোকলাই দিব। এই ভ্রমণ কালত শ্রীমোদীয়ে প্ৰায় ২,২০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত বাৰাণসী- ভদোহী পথৰ সম্প্ৰসাৰণ আৰু মোহন চৰায়-অদলপুৰা পথত যান-জঁট হ্ৰাস কৰাৰ বাবে নিৰ্মাণ কৰা চিতৌনি-শূল টংকেশ্বৰ পথ আৰু ৰে'ল অভাৰব্ৰীজ আছে। ভ্ৰম...

July 5, 2025 8:26 PM

views 14

পাঁচ দেশীয় ভ্রমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী আজি বুয়েন’ছ আয়াৰ্ছত উপস্থিত

পাঁচ দেশীয় ভ্রমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েন'ছ আয়াৰ্ছত উপস্থিত হৈছে। আৰ্জেণ্টিনাত প্ৰধানমন্ত্রী মোদীক প্ৰবাসী ভাৰতীয়সকলে বিশেষ শাস্ত্রীয় নৃত্যৰে আদৰণি জনায়। শ্রীমোদীয়ে আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী তথা জাতীয় নায়ক জেনেৰেল জোছ ডে ছেন মার্টিনৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ ভ্ৰমণ আৰম্ভ কৰিব। আনুষ্ঠানিক অভ্যর্থনাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উভয় দেশ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত...

July 4, 2025 8:02 PM

views 23

ট্রিনিদাদ আৰু ট’বেগক প্ৰথমখন কেৰিবিয়ান ৰাষ্ট্ৰ হিচাপে ইউ পি আই গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি ত্রিনিদাদ আৰু ট’বেগ'ত প্ৰদান কৰা নিজৰ ভাষণ সমগ্ৰ বিশ্বৰ প্ৰায় ৩.৫ কোটি প্রবাসী ভাৰতীয়লৈ উৎসৰ্গা কৰে। ভাষণত শ্ৰী মোডীয়ে ট্রিনিদাদ আৰু ট’বেগক প্ৰথমখন কেৰিবিয়ান ৰাষ্ট্ৰ হিচাপে ইউ পি আই গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ইউ পি আইৰ ক্ষেত্ৰত এনে সহযোগিতাৰ দ্বাৰা ভাৰতে ৰাজহুৱা ডিজিটেল সামগ্রী ৰপ্তানি কৰি বিশ্বাসযোগ্যতা লাভ কৰাৰ লগতে ঘৰুৱা বিত্তপ্রযুক্তি উদ্ভাৱন আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ধাৰণাক প্ৰসাৰিত কৰাৰ বাবে সক্ষম হৈছে। এই অংশীদাৰিত্বই ভাৰতক বিশ্বব্যাপী ইউ...

July 4, 2025 12:02 PM

views 28

ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলিৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আৰ্জেণ্টিনালৈ ৰাওনা

গ্ল’বেল ছাউথ অর্থাৎ ঔদ্যোগিক আৰু অৰ্থনৈতিক দিশৰ পৰা পিছপৰা ৰাষ্ট্ৰসমূহৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলিৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আৰ্জেণ্টিনাত উপস্থিত হ'ব। এয়া হ'ব বিগত ৫৭ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক আৰ্জেণ্টিনা ভ্রমণ । আৰ্জেণ্টিনা লেটিন আমেৰিকা অঞ্চলত ভাৰতৰ প্ৰধান অৰ্থনৈতিক আৰু জি টুৰেণ্টী ৰাষ্ট্ৰগোষ্ঠীত ভাৰতৰ ঘনিষ্ঠ সহযোগী। ভ্রমণকালত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ সহযোগিতাৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে ...

July 4, 2025 11:54 AM

views 16

ত্রিনিদাদ আৰু টবেগ’ত ভাৰতীয় সম্প্ৰদায়ৰ যাত্ৰাক সাহসিকতাৰ যাত্ৰা বুলি অভিহিত প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্রিনিদাদ আৰু টবেগ’ত ভাৰতীয় সম্প্ৰদায়ৰ যাত্ৰাক সাহসিকতাৰ যাত্ৰা বুলি অভিহিত কৰিছে। ত্রিনিদাদ আৰু টবেগ’ত আজি পুৱা ভাৰতীয় সম্প্ৰদায়ৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে কয়, যে তেওঁলোকৰ পূৰ্বপুৰুষসকল আশাৰে জটিলতাৰ সন্মুখীন হৈছিল আৰু হৃদয়ত ৰামায়ণ কঢ়িয়াই ফুৰিছিল। তেওঁলোক অকল প্ৰব্ৰজনকাৰী নাছিল বৰং অনাদি অনন্তকালৰেপৰা প্ৰৱাহিত সভ্যতাৰ কটকী আছিল বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। পাঁচদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱানিশা ত্রিনিদাদ আৰু টব...

July 3, 2025 8:21 PM

views 15

ঘানাৰ সফল ভ্ৰমণ সামৰি ত্রিনিদাদ আৰু টবেগ’লৈ বুলি ৰাওনা প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঘানাৰ সফল ভ্ৰমণ সামৰি পাঁচ দেশীয় যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত ত্রিনিদাদ আৰু টবেগ'লৈ বুলি ৰাওনা হৈছে। ৰাওনা হোৱাৰ পূৰ্বে শ্ৰী মোদীয়ে ঘানাৰ ৰাজধানী আক্রাত দেশখনৰ সংসদৰ অধিবেশনত ভাষণ দিয়ে। তেওঁ কয়, যে ভাৰত আৰু ঘানাৰ মাজৰ সম্পৰ্কৰ কোনো পৰিধি নাই । এই সম্পৰ্ক ঘানাৰ প্ৰসিদ্ধ ছুগাৰ ল'ফ পাইনাপল মাটিকঁঠালৰ দৰে মধুৰ বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। গণতন্ত্ৰ সন্দৰ্ভত মত প্ৰকাশ কৰি প্রধানমন্ত্ৰীয়ে ভাৰতবৰ্ষক গণতন্ত্ৰৰ মাতৃ বুলি অভিহিত কৰে। তেওঁ লগতে গণতান্ত্ৰিক পৰিকাঠামৰ স্বতন্ত্ৰ...

July 2, 2025 4:27 PM

views 21

ঘানা, ট্রিনিডাড আৰু টবাগ’, আৰ্জেণ্টিনা ব্রাজিল আৰু নামিবিয়াৰ ভ্ৰমণ সূচীৰে প্ৰধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঘানা, ট্রিনিডাড আৰু টবাগ', আৰ্জেণ্টিনা ব্রাজিল আৰু নামিবিয়াৰ ভ্ৰমণ সূচীৰে ইতিমধ্যে ৰাওনা হৈছে। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রী মোদী আজি ঘানাত উপস্থিত হ'ব। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্রধানমন্ত্ৰীয়ে কয় যে গ্ল'ৱেল চাউথ অৰ্থাৎ ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশৰ পৰা পিছপৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ঘানা ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগী ৰাষ্ট্ৰ আৰু দেশখনে আফ্রিকীয় সংঘ আৰু পশ্চিম আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক সম্প্ৰদায়ৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰীমোদীয়ে কয় যে...

June 30, 2025 7:47 PM

views 13

বুধবাৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ পঞ্চদেশীয় ভ্ৰমণ কাৰ্যসূচী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা বুধবাৰৰ পৰা পঞ্চদেশীয় ভ্ৰমণ কাৰ্যসূচীৰে ঘানা, ত্রিনিদাদ আৰু তবাগো, আৰ্জেণ্টিনা, ব্রাজিল আৰু নামিবিয়ালৈ যাব। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব দাম্বু ৰবিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ২ আৰু ৩ জুলাইত ঘানা ভ্ৰমণ কৰিব আৰু এয়া হ'ব ঘানালৈ শ্ৰীমোদীৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। শ্ৰীৰবিয়ে লগতে কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতেও আলোচনাত অংশগ্ৰহণ কৰিব। দুয়োখন ৰাষ্ট্ৰই শক্ত...

June 28, 2025 12:04 PM

views 22

নতুন দিল্লীত আচার্য বিদ্যানন্দ জি মহাৰাজৰ শতবর্ষ উদযাপন অনুষ্ঠান উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আচার্য বিদ্যানন্দ জি মহাৰাজৰ শতবর্ষ উদযাপন অনুষ্ঠান উদ্বোধন কৰিব। কেন্দ্ৰীয় চৰকাৰে ভগৱান মহাবীৰ অহিংসা ভাৰতী ন্যাসৰ সহযোগত আচাৰ্য বিদ্যানন্দ জি মহাৰাজৰ ১০০ সংখ্যক জন্ম বার্ষিকী উপলক্ষে বছৰজোৰা ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ আনুষ্ঠানিক কাৰ্যসূচী হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰিছে। আচাৰ্য বিদ্যানন্দ জি মহাৰাজ হৈছে জৈন ধৰ্মৰ এগৰাকী আধ্যাত্মিক নেতা তথা সমাজ সংস্কাৰক। এই বছৰজোৰা শতবৰ্ষ উদযাপন কাৰ্যসূচীত বিদ্যানন্দ মহাৰাজৰ জীৱন আৰু দৰ্শনৰ প্ৰসাৰৰ উদ্দেশ্...