September 1, 2025 2:48 PM

views 30

সন্ত্রাসবাদ সন্দৰ্ভত দ্বৈত মান কোনো কাৰণতে গ্রহণযোগ্য নহয়ঃ প্রধানমন্ত্রী

● সন্ত্রাসবাদ সন্দৰ্ভত দ্বৈত মান কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত দিয়া বিবৃতিত প্রধানমন্ত্ৰীয়ে সন্ত্রাসবাদক মানৱতাৰ বিৰুদ্ধে বৃহৎ ভাবুকি বুলি উল্লেখ কৰাৰ লগতে যিকোনো প্ৰকাৰৰ সন্ত্ৰাসবাদ গৰিহণাযোগ্য বুলি মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতে বিগত চাৰিটা দশক ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আহিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱা ৰাষ্ট্ৰসমূহৰ প্ৰতি শ্ৰী মোদীয়ে কৃতজ্...

August 29, 2025 8:32 PM

views 20

শ্বিগেৰু ইশ্বিবাৰ সৈতে পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি টকিঅ'ত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইশ্বিবাৰ সৈতে পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত থকা সম্পৰ্কৰ কথা সকলো দিশৰ পৰা আলোচনা কৰি এটা সমীক্ষা আগবঢ়ায় আৰু বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ পৰৱৰ্ত্তী পৰ্যায়ক আগুৱাই নিয়াৰ উপায়ৰ বিষয়ে আলোচনা কৰে। যৌথ সংবাদ মেলত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজিৰ আলোচনা উৎপাদনশীল আৰু উদ্দেশ্য প্রণোদিত। বিশ্বশান্তি আৰু স্থিতিশীলতাৰ বাবে ভা...

August 28, 2025 11:58 AM

views 22

আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে টেলিফোনৰ জৰিয়তে প্রধানমন্ত্ৰীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয়ে ফিনলেণ্ডক ইউৰোপীয় সংঘৰ গুৰুত্বপূৰ্ণ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অভিহিত কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি আৰু বহনক্ষমতাৰ লেখিয়া গুৰুত্বপূৰ্ণ বিষয়সমূহত উভয় দেশৰ সহযোগিতা ত্বৰান্বিত কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। দুয়োগৰাকী নেতাই লগতে ইউক্রেইনৰ সংঘাতৰ শান্তিপূর্ণ সমাধানৰ বাবে চলি থকা প্ৰচেষ্...

August 28, 2025 11:59 AM

views 15

ভাৰত আৰু জাপানৰ পঞ্চদশ বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী আজি জাপানলৈ ৰাওনা

ভাৰত আৰু জাপানৰ পঞ্চদশ বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি জাপানলৈ ৰাওনা হ’ব। এয়া হ'ব শ্রীমোদীৰ অষ্টম জাপান ভ্রমণ। জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে চিগেৰু ইশ্বিবাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব উভয় দেশৰ প্ৰথমখন বার্ষিক সন্মিলন। প্রধানমন্ত্ৰীৰ জাপান ভ্রমণ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিৰ জৰিয়তে কয়, যে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ বিশেষ কৌশলগত তথা গোলকীয় সহযোগিতাৰ পৰ্যালোচনা কৰিব। নেতা দুয়োগৰাকীয়ে প্ৰতিৰক্ষা আৰু নিৰ...

August 18, 2025 12:36 PM

views 24

ভাৰতীয় লোকসকলক দেশত নিৰ্মিত সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ আহ্বান প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোকেল ফৰ লোকেলৰ প্ৰতি আস্থা ৰাখি ভাৰতীয় লোকসকলক দেশত নিৰ্মিত সামগ্ৰীসমূহৰ ওপৰত বিশ্বাস ৰাখি এইসমূহ ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন কৰি শ্ৰীমোদীয়ে কয়, যে ভাৰতক এখন স্ব-নিৰ্ভৰশীল দেশ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। তেওঁ লগতে কয়, যে সামগ্ৰী আৰু সেৱাকৰ ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে অনাগত সময়ছোৱাত সমগ্ৰ দেশৰ নাগৰিকসকল লাভান্বিত হ'ব। দ্বাৰকা এক্স...

August 18, 2025 12:27 PM

views 17

চি পি ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে এন ডি এই মনোনীত কৰাৰ সিদ্ধান্তক প্রধানমন্ত্ৰীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে এন ডি এই মনোনীত কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে শ্ৰীৰাধাকৃষ্ণনে তেওঁৰ দীৰ্ঘদিনীয়া ৰাজহুৱা সেৱাত সমৰ্পণ, বিনম্ৰতা আৰু বুদ্ধিমত্তাৰ জৰিয়তে নিজৰ এটা বিশেষ পৰিচয় গঢ়ি তুলিছে। প্রধানমন্ত্রীয়ে লগতে কয়, যে শ্ৰীৰাধাকৃষ্ণনে সদায়ে সমুদায়ৰ সেৱাৰ লগতে বিভিন্ন সময়ত পিছপৰা শ্ৰেণীৰ সৱলীকৰণত গুৰুত্ব আৰোপ কৰি আহিছে। তামিলনাডুত তৃণমূল পৰ্যায়ত বহু কাম ...

August 16, 2025 7:07 PM

views 24

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত পঞ্জীয়নৰ অন্তিম তাৰিখ শালি ধানৰ বাবে ২০ আগষ্ট আৰু মাটি মাহৰ বাবে ১৫ ছেপ্তেম্বৰ ধাৰ্য

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত পঞ্জীয়নৰ অন্তিম তাৰিখ শালি ধানৰ বাবে ২০ আগষ্ট আৰু মাটি মাহৰ বাবে ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। ইয়াৰ সবিশেষ তথ্যৰ বাবে স্থানীয় কৃষি বিষয়া অথবা সংশ্লিষ্ট বীমা কোম্পানীৰ প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰিবলৈ খেতিয়কসকলক কোৱা হৈছে। এই যোজনাৰ অধীনত প্ৰাকৃতিক দুৰ্যোগ আৰু অনাকাংক্ষিত লোকচানৰ বাবে খেতিয়ক সকলক ক্ষতিপূৰণ কৰা হয়।

August 13, 2025 12:02 PM

views 20

অৰ্ধপৰিবাহী খণ্ডত ভাৰতৰ দ্ৰুত অগ্ৰগতি লাভৰ লগতে ডিজিটেল ভৱিষ্যতক শক্তিশালী কৰি বিশ্বব্যাপী উদ্ভাৱনক আগুৱাই নিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

অৰ্ধপৰিবাহী খণ্ডত ভাৰতে দ্ৰুত অগ্ৰগতি লাভ কৰাৰ লগতে ইয়াৰ ডিজিটেল ভৱিষ্যতক শক্তিশালী কৰিবলৈ আৰু বিশ্বব্যাপী উদ্ভাৱনক আগুৱাই নিবলৈ এক শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢি় তুলিছে বুলি প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয়, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে অন্ধ্ৰপ্ৰদেশ, ওড়িশা আৰু পঞ্জাৱত অৰ্ধ পৰিবাহী গোটৰ অনুমোদন দিয়াৰ ফলত উৎপাদন ক্ষমতা বৃদ্ধি হ’ব, উচ্চ দক্ষতা সম্পন্ন নিয়োগৰ সৃষ্টি হ’ব আৰু ভাৰতক যোগান শৃংখলৰ মূল সিদ্ধান্তকাৰী হিচাপে স্থান দিব। কেন্দ্ৰীয় মন...

August 7, 2025 12:08 PM

views 21

পুছাত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান- পুছাত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। শ্ৰীমোদীয়ে এই উপলক্ষে আয়োজিত সভাত ভাষণ দিয়াৰ লগতে খাদ্য আৰু শান্তিৰ বাবে প্ৰথম এম এছ স্বামীনাথন বঁটাও প্ৰদান কৰে। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে- চিৰ সেউজ বিপ্লৱ, জৈৱ সুখৰ পথ- যিয়ে সকলোৰে বাবে খাদ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত অধ্যাপক এম এছ স্বামীনাথনৰ  জীৱনজোৰা সমৰ্পনক প্ৰতিফলিত কৰে। তেওঁৰ উত্তৰাধিকাৰক সন্মান জনাই ৰিচাৰ্ড ফাউণ্ডেছন আৰু দ্যা ৱৰ্লড একাডেমী ...

August 5, 2025 3:16 PM

views 24

ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

■ নতুন দিল্লীৰ হায়দাবাদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভ্ৰমণৰত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনান্ড ৰোমুঅ'লডেজ মার্ক’ছ জুনিয়ৰৰ দ্বিপাক্ষিক বৈঠক চলি আছে। বিদেশ মন্ত্রালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত সভ্যতা, ইতিহাস আৰু জনসংযোগৰ জৰিয়তে ঘনিষ্ঠ সম্পর্ক আছে। ইযাৰ পূৰ্বে আজি ৰাজঘাটলৈ গৈ ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পূর্বে আজি পুৱা শ্ৰী মাৰ্ক’ছক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্...