October 5, 2025 11:03 AM

views 69

এন ডি এ চৰকাৰে দক্ষতা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতে নেতৃত্ব দিবলৈ যুৱ শক্তিক সাজু কৰি আছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এন ডি এ চৰকাৰে দক্ষতা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতে নেতৃত্ব দিবলৈ যুৱ শক্তিক সাজু কৰি আছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্তব্য কৰে৷ এই অনুষ্ঠানত শ্ৰীমোদীয়ে ৬২ হাজাৰ কোটি টকাৰ বিভিন্ন যুৱ পদক্ষেপৰ উন্মোচন কৰে। এই পদক্ষেপসমূহে সমগ্র দেশতে শিক্ষা, দক্ষতা আৰু উদ্যোগীকৰণত বিশেষ ভূমিকা গ্রহণ কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে প্রধানমন্ত্ৰীয়ে উন্নত আই টি আই এছ-পিএম- সেতুৰ জৰিয়তে প্রধানমন্ত্ৰী দক্ষতা আৰু নিয়োগ...

October 4, 2025 9:28 PM

views 19

সুস্থ নাৰী শক্তিশালী পৰিয়াল অভিযানক সফল কৰি তুলিবলৈ অক্লান্তভাৱে কাম কৰা সকলোৰে প্ৰচেষ্টাক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুস্থ নাৰী শক্তিশালী পৰিয়াল অভিযানক সফল কৰি তুলিবলৈ অক্লান্তভাৱে কাম কৰা সকলোৰে প্ৰচেষ্টাক প্ৰশংসা কৰিছে। নৰেন্দ্ৰ মোদীয়ে এই অভিযানত মানুহৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰি এই কাৰ্যই মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত কৰাৰ লগতে এখন সুস্থ-শক্তিশালী সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলিও উল্লেখ কৰে। অভিযানৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্রী জে পি নাড্ডায় কয়, যে সুস্থ নাৰী শক্তিশালী পৰিয়াল অভিযানৰ জৰিয়তে ছয় কোটি ৫০ লাখ মহিলাৰ স্বাস্থ্য পৰীক্ষা সুকলমে সম্পন্ন হৈছে। ত...

October 4, 2025 11:56 AM

views 25

নতুন দিল্লীত আজি ৬২ হাজাৰ কোটিৰো অধিক মূল্যৰ যুৱকেন্দ্ৰিক পদক্ষেপ উন্মোচন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৬২ হাজাৰ কোটিৰো অধিক মূল্যৰ যুৱকেন্দ্ৰিক পদক্ষেপ উন্মোচন কৰিব। যুৱ দক্ষতাৰ বাবে এটা ঐতিহাসিক পদক্ষেপ হিচাপে প্রধানমন্ত্রীয়ে সমগ্র দেশতে এহেজাৰ আই টি আই উন্নীতকৰণৰ বাবে পি এম সেঁতু আৰম্ভ কৰিব। শ্রীমোদীয়ে বিহাৰৰ বাবে মুখ্যমন্ত্রী নিশ্চিত স্বয়ম সহায়তা যোজনাও আৰম্ভ কৰিব। এই যোজনা অনুসৰি স্মাতক যুৱক-যুৱতীসকলক ২ বছৰৰ বাবে মাহিলী এহেজাৰ টকাৰ ভাট্টা প্ৰদান কৰা হ'ব। তেওঁ বিহাৰত জননায়ক কাপুৰী ঠাকুৰ দক্ষতা বিশ্ববিদ্যালয় উদ্বোধন কৰিব। বিহাৰৰ চাৰিখন বিশ্ববিদ্যাল...

October 3, 2025 12:13 PM

views 35

বাৰ্ষিক শীর্ষ সন্মিলনত অংশগ্রহণ কৰাৰ উদ্দেশ্যে ডিচেম্বৰত ভাৰতলৈ আহিব ভ্লাডিমীৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্ষিক শীর্ষ সন্মিলনত অংশগ্রহণ কৰাৰ উদ্দেশ্যে ডিচেম্বৰত ভাৰতলৈ আহিব। ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ মুখপাত্র দমিত্রী পেছকোভে কালি নৱবৰ্ষৰ পূৰ্বে ৰাষ্ট্ৰপতি পুটিন ভাৰতলৈ অহাৰ কথা নিশ্চিত কৰে। তেওঁ লগতে এই ভ্ৰমণৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি থকা বুলি প্ৰকাশ কৰে। ২০২২ বৰ্ষৰ প্ৰথম ভাগত ইউক্রেইন সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত এয়া হ'ব শ্রীপুটিনৰ প্ৰথম ভাৰত ভ্ৰমণ।

September 29, 2025 10:23 AM

views 28

জনসাধাৰণৰ বাবে ৰাণী ৰচমনি এগৰাকী স্বপ্নদর্শী আৰু পৰোপকাৰী নেত্ৰী হিচাপে উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সোঁৱৰণ

ৰাণী ৰচমনিৰ আজি জন্মদিন উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয়, যে তেওঁ সাহস, সহানুভূতি আৰু প্রত্যয়ৰ এটা নাম। প্রধানমন্ত্রীয়ে কয়, যে জনসাধাৰণে ৰাণী ৰচমনিক এগৰাকী স্বপ্নদর্শী আৰু পৰোপকাৰী নেত্ৰী হিচাপে সোঁৱৰণ কৰে। প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে ৰাণী ৰচমনিয়ে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ উন্নয়নৰ বাবে দীর্ঘস্থায়ী পদক্ষেপ গ্রহণ কৰিছিল।

September 27, 2025 8:10 PM

views 41

সমগ্ৰ দেশতে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭, ৫০০টা ফ’ৰ জি ম’বাইল টাৱাৰ উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উড়িশাৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে সমগ্ৰ দেশতে ৩৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭ হাজাৰ ৫০০টা ফ'ৰ জি ম'বাইল টাৱাৰ উদ্বোধন কৰে। এই উপলক্ষে আজি গুৱাহাটীত আয়োজিত কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ভার্চুৱেলী অংশগ্রহণ কৰে। স্বদেশী ফ'ৰ জি নেটৱৰ্কৰ উদ্বোধনী কাৰ্যসূচীৰ প্ৰাক্ মুহূৰ্তত কেন্দ্রীয় মন্ত্রী সিন্ধিয়া আৰু টাটা ছন্‌ছৰ অধ্যক্ষ এম চন্দ্ৰশেখৰণৰ সৈতে মুখ্যমন...

September 27, 2025 6:51 PM

views 28

ওড়িশাত ৬০ হাজাৰ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুড়াত ৬০ হাজাৰ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে এনে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ ভিতৰত দূৰসংযোগ, ৰে'লপথ, উচ্চ শিক্ষা, স্বাস্থ্য সেৱা, দক্ষতা বিকাশ, গ্রামাঞ্চলৰ বাসগৃহ নির্মাণ আদিকে ধৰি ভালেমান খণ্ডক সামৰি লোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ওড়িশাৰ বেৰহামপুৰ আৰু উধনাৰ মাজত চলাচল কৰিবলগীয়া অমৃত-ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী খনৰো যাত্ৰাৰ শুভাৰম্ভ কৰে। ওড়িশাৰ ৰাজ্যপাল হৰিবাবু কান্তাম্পতি...

September 22, 2025 7:21 PM

views 34

প্রধানমন্ত্ৰী মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা গৃহমন্ত্রী অমিত শ্বাহৰ

দেশৰ দৰিদ্ৰ, যুৱ প্ৰজন্ম, কৃষক আৰু মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ‍ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে নতুন সংস্কাৰে ভালেসংখ্যক সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টিৰ হাৰ হ্ৰাস কৰি সামগ্ৰিকভাৱে জনসাধাৰণৰ ব্যয় হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ ফলত দেশৰ অৰ্থনীতিৰ বিকাশ দ্রুত হ...

September 16, 2025 1:16 PM

views 19

লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী জি এছ টি সংস্কাৰৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ

এইবেলি স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছিল । চলিত মাহৰ ৩ তাৰিখে জি এছ টি পৰিষদে বহু খণ্ডত কৰ হ্ৰাস কৰি নাগৰিকৰ জীৱন সহজ কৰি তোলাৰ লগে লগে প্রধানমন্ত্ৰীগৰাকীৰ এই দৃষ্টিভংগী বাস্তৱায়িত হয়। এই সংস্কাৰৰ অধীনত চৰকাৰে কৃষিখণ্ডত জি এছ টি হ্ৰাস কৰি কৃষকসকলক সকাহ দিছে । এই সংস্কাৰ অনুসৰি, ১৮০০ CC ৰ তলৰ ট্ৰেক্টৰৰ কৰৰ পৰিমাণ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হ'ব। টায়াৰ আৰু টিউব, হাইড্ৰলিক পাম্প আদিকে ধৰি ট্ৰেক্টৰৰ উপাদানসমূহ ১৮ শতাংশৰ...

September 16, 2025 1:15 PM

views 20

বিহাৰ, পশ্চিমবংগ আৰু অসমক অনুপ্ৰৱেশকাৰীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ এন ডি এৰ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

 বিহাৰ, পশ্চিমবংগ আৰু অসমক অনুপ্ৰৱেশকাৰীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ এন ডি এৰ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। বিহাৰৰ পুৰ্ণীয়াত অনুষ্ঠিত এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে কালি এইদৰে কয় । উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে কালি বিহাৰৰ পুৰ্ণীয়া জিলাৰ পৰা ৪০ হাজাৰ কোটি টকাৰো অধিক ব্যয়েৰে ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পুৰ্ণীয়া জিলাৰ গোলাপবাগত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰৰ জনসাধাৰণৰ জীৱন ধাৰণৰ...