November 12, 2025 12:14 PM

views 32

ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল বাংছুকৰ সৈতে প্রধানমন্ত্রীৰ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি থিম্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল বাংছুকৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰে। পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দর্ভতো বৈঠকত আলোচনা কৰা হয়। দুয়োগৰাকী নেতাই যৌথভাবে এহেজাৰ ২০ মেগাৱাট ক্ষমতাসম্পন্ন পুনাটছাংচু-২ জলবিদ্যুৎ প্রকল্প উদ্বোধন কৰে। দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে নবীকৰণযোগ্য শক্তি, মানসিক স্বাস্থ্য আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত তিনিখন বুজাবুজিৰ চুক্...

November 6, 2025 8:17 PM

views 27

পৰহিলৈ আইনী সাহায্য প্রদান ব্যৱস্থা সন্দৰ্ভত হ’বলগীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত পৰহিলৈ আইনী সাহায্য প্রদান ব্যৱস্থা সন্দৰ্ভত হ'বলগীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এটা বিবৃতিত প্রকাশ পোৱা অনুসৰি, প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্ৰীয় আইন সেবা প্ৰাধিকাৰীয়ে প্ৰস্তুত কৰা সামুহিক মধ্যস্থতা প্রশিক্ষণ আৰ্হি মুকলি কৰাৰ লগতে সমাবেশতো অংশ ল'ব। দুদিনীয়া এই সন্মিলনত আইনী সেৱা, বিশেষকৈ আইনী সাহায্য প্ৰতিৰক্ষা পৰামৰ্শ ব্যৱস্থা, অর্ধ আইনী স্বেচ্ছাসেৱক, অধিবক্তাৰ দল, স্থায়ী লোক আদালত আৰু আইন সেবা প্রতিষ্ঠানসমূহৰ আৰ্থিক ব্যৱস্থাপনা সন্দর্ভত আলোচনা অনুষ...

November 6, 2025 8:14 PM

views 28

পৰহিলৈ বাৰাণসীত চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ মুকলি প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ বাৰাণসী ভ্ৰমণ কৰি চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীৰ যাত্ৰা পতাকা জোকাৰি মুকলি কৰিব। এই নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীকেইখনে বেণাৰস-খজুৰাহো, লক্ষ্ণৌ-চাহৰাণপুৰ, ফিৰোজপুৰ-দিল্লী আৰু আৰ্ণাকূলম-বাংগালুৰু পথৰ যাত্ৰা সামৰি লাব। এই ৰেলগাড়ীকেইখনে ভ্রমণৰ সময় হ্রাস কৰাৰ লগতে পৰ্য্যটন খণ্ডক উৎসাহ যোগাব আৰু দেশৰ অর্থব্যৱস্থালৈ অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

November 4, 2025 7:52 PM

views 30

বিহাৰ বিধানসভা নির্বাচনত ৰাষ্ট্রীয় গণতান্ত্রিক মর্চাই বিপুলভাৱে জয়লাভ কৰিব বুলি আস্থা প্রকাশ প্রধানমন্ত্রীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নির্বাচনত ৰাষ্ট্রীয় গণতান্ত্রিক মর্চাই বিপুলভাৱে জয়লাভ কৰিব বুলি আস্থা প্রকাশ কৰিছে। মেৰা বুথ সবসে মজবুট কাৰ্য্যসূচীৰ অধীনত আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত-বিনিময় কৰি তেওঁ এই কথা প্রকাশ কৰে। শ্রীমোদীয়ে কয়, যে বিহাৰৰ জনসাধাৰণে এন ডি এক বিপুলভাবে জয়লাভ কৰোৱাৰ বাবে মন বান্ধি লৈছে আৰু এই নির্বাচনত বিগত ২০ বছৰৰ অভিলেখ ভংগ কৰিব। তেওঁ এন ডি এ মিত্রজোটৰ চৰকাৰে বিহাৰৰ উন্নয়ন সাধন কৰিব বুলি আশ্বাস প্রদান কৰিছে।

November 1, 2025 9:43 PM

views 38

চত্তিশগড়ৰ নৱৰায়পুৰত নতুনকৈ নিৰ্মাণ কৰা চত্তিশগড় বিধানসভা ভৱন উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চত্তিশগড়ৰ নৱৰায়পুৰত নতুনকৈ নিৰ্মাণ কৰা চত্তিশগড় বিধানসভা ভৱন উদ্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত ৰত্ন তথা দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। ভাষণ প্ৰসংগত শ্রীমোদীয়ে কয় যে সমগ্ৰ দেশত আজি বিকাশ সাধন হোৱাৰ লগতে ঐতিহ্যৰ সংৰক্ষণৰ ক্ষেত্ৰতো দেশ আগবাঢ়ি গৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো নীতি আৰু সিদ্ধান্তত এই ভাৱধাৰা প্ৰতিফলিত হয়। প্রধানমন্ত্ৰী মোদীয়ে কয় যে চত্তিশগড়ৰ নতুন বিধানসভা ভ...

November 1, 2025 9:41 PM

views 23

চত্তিশগড়কে ধৰি দেশৰ আন প্ৰান্ত মাওবাদীৰ হিংসাত্মক ঘটনাৰ পৰা মুক্ত হ’বলৈ আৰু বেছিদিন নাইঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চত্তিশগড়কে ধৰি দেশৰ আন প্ৰান্তত মাওবাদীৰ হিংসাত্মক ঘটনাৰ পৰা মুক্ত হবলৈ আৰু বেছিদিন নাই। আজি চত্তিশগড় ৰাজ্য গঠনৰ ২৫ বছৰ হোৱা উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় যে, মাওবাদীৰ হিংসাত্মক কার্যকলাপৰ ফলত জনজাতি অধ্যুষিত চত্তিশগড় পথ, বিদ্যালয়, চিকিৎসালয় আদিকে ধৰি আন প্রাথমিক সা-সুবিধাৰ পৰা দীৰ্ঘদিন বঞ্চিত হৈ আছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই কাৰ্যসূচীত পথ, উদ্যোগ, স্বাস্থ্য যতন, শক্তি আদিকে ধৰি প্ৰায় ১৪ হাজাৰ কোটি টকাৰো অধিক মূল্য ভালে...

October 18, 2025 12:18 PM

views 32

সমগ্র বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গন্য কৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

সমগ্র বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গন্য কৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সন্ধিয়া এটা ব্যক্তিগত সংবাদ গোষ্ঠীয়ে আয়োজন কৰা বিশ্ব সন্মিলনত ভাষণ দি শ্রীমোদীয়ে কয়, যে বৈদ্যুতিনৰ পৰা ভেষজলৈকে আৰু অট'মোবাইলৰ পৰা মোবাইল নির্মাণলৈকে দেশৰ বিভিন্ন খণ্ডত বিনিয়োগৰ ঢৌ উঠিছে। এই বিনিয়োগসমূহে ভাৰতক গোলকীয় যোগান শৃংখলাৰ গুৰুত্বপূর্ণ কেন্দ্র হিচাপে গঢ়ি উঠাত সহায় কৰিছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ভাৰতৰ বিকাশে বর্তমান গোলকীয় সুযোগৰ সৃষ্ট...

October 17, 2025 8:23 PM

views 37

ড০ হৰিণি অমৰ সূৰ্যাৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

 শ্রীলংকাৰ প্ৰধানমন্ত্ৰী ড০ হৰিণি অমৰ সূৰ্যাই আজি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্রীমোদীয়ে তেওঁক আদৰণি জনায়। প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁৰ এই যাত্রা ঐতিহাসিক আৰু এই যাত্ৰাই ভাৰত আৰু শ্রীলংকাৰ মাজত বহুমুখী সম্পর্কই নতুন গতি প্রদান কৰিব। সাক্ষাৎকালত প্রধানমন্ত্রীদ্বয়ে শিক্ষা, প্রযুক্তি উদ্ভাবন, উন্নয়নমূলক সহযোগিতা আৰু মাছমৰীয়াসকলৰ কল্যাণকে ধৰি বিভিন্ন ক্ষেত্রত সহযোগিতা সুদৃঢ় কৰাৰ বিভিন্ন উপায় লৈ আলোচনা কৰে। দুয়ো দেশৰ মাজৰ বিশেষ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি শ্রীমোদীয়ে উভয় ...

October 14, 2025 11:40 AM

views 45

প্ৰধানমন্ত্ৰী মোদীক এগৰাকী ভাল বন্ধু বুলি অভিহিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ

● ইজিপ্তত অনুষ্ঠিত ধর্ম-অল-শ্বেখ শীৰ্ষ সন্মিলনত দিয়া ভাষণত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী ভাল বন্ধু বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতক এখন মহান দেশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীক বন্ধুৰ তালিকাত শীৰ্ষত থকা বুলি মন্তব্য কৰে। ট্রাম্পে কয়, যে প্রধানমন্ত্রী মোদীয়ে অভূতপূর্ব কাম কৰি দেখুৱাইছে। ৰাষ্ট্ৰপতি শ্ৰীটাম্পে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক সন্দৰ্ভত কয়, যে দুয়োখন দেশে মিলাপ্ৰীতিৰে থাকিব বুলি আশা ব্যক্ত কৰে। গাজাত ইজৰাইল আৰ...

October 11, 2025 8:15 PM

views 35

প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনা আৰু দাইল উৎপাদনত আত্মনিৰ্ভৰশীলতা অভিযান মুকলি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনা আৰু দাইল উৎপাদনত আত্মনিৰ্ভৰশীলতা অভিযানে দেশৰ লাখ লাখ খেতিয়কৰ ভাগ্য সলনি কৰিব বুলি মন্তব্য কৰিছে। নতুন দিল্লীত আয়োজিত বিশেষ অনুষ্ঠানত কৃষি আৰু আনুসংগিক খণ্ডৰ ৪২ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আঁচনি আৰু প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে আজি উদ্বোধন কৰা আঁচনিসমূহে গ্রামাঞ্চলৰ সৱলীকৰণ আৰু কৃষি উদ্ভাৱনৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীলতাৰ এটা নতুন যুগৰ সূচনা কৰিব। তেওঁ লগতে দেশৰ কৃষি ব্...