May 11, 2024 2:26 PM May 11, 2024 2:26 PM
18
কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিবঃ মোদী
বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিব। ওড়িশাৰ কান্ধামাল জিলাৰ ফুলবানীত আজি পুৱা এখন নির্বাচনী সমাবেশত ভাষণ দি শ্রী মোদীয়ে কয় যে, বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই এই নিৰ্বাচনত ৪০০ খনতকৈও অধিক লোকসভা আসনত জয়ী হ'ব আৰু কংগ্ৰেছে কেৱল ৫০ খন আসনতহে জয়লাভ কৰিব পাৰিব। তেওঁ কয় যে, কংগ্ৰেছৰ দুৰ্বল ভাবধাৰাৰ বাবেই জম্মু- কাশ্মীৰৰ জনসাধাৰণে দশক দশক জুৰি সংগ্ৰা...