June 8, 2024 1:29 PM

বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছেঃ ধনখড়

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। ৰাজ্যসভাৰ ইনটান শ্বীপ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ১৯৬২ চনত শেষবাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহেৰুৱে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কয় যে, সংসদ, গণতন্ত্ৰৰ মন্দিৰ, আলাপ-আলোচনা, তৰ্কৰ স্থান। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, যেতিয়াই তেওঁলোকৰ সন্দেহ হয় তেতিয়াই ভাৰতীয় সংবিধানৰ সহায় ল'ব লাগে।

June 8, 2024 1:22 PM

দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ

প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ সন্ধিয়া ৭.১৫ মিনিটত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰাব। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এন ডি এ-ৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপি সংসদীয় দলৰ নেতা বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে।...

June 7, 2024 8:10 PM

views 26

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱনটো আম্বেদকাৰ প্ৰণোদিত সংবিধানৰ মহান প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ নামত উৎসর্গিত বুলি মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষণ ড° বাবাচাহেব আম্বেদকাৰ প্ৰণোদিত সংবিধানৰ মহান প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ নামত উৎসর্গিত। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে আজি কয় যে একমাত্ৰ সংবিধানৰ বাবে তেওঁৰ নিচিনা দুখীয়া আৰু অনগ্ৰসৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এজন লোকেও দেশৰ প্ৰতি সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে সংবিধানে দেশৰ কোটি কোটি জনসাধাৰণক আশা, শক্তি আৰু মৰ্যাদা প্ৰদান কৰিছে।

June 7, 2024 7:00 PM

views 22

চৰকাৰে বিগত দশকত শিক্ষা খণ্ডৰ গুণগত পৰিৱৰ্তনৰ দিশত গুৰুত্ব আৰোপ কৰিছিল বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে তেওঁৰ চৰকাৰে বিগত দশকত শিক্ষা খণ্ডৰ গুণগত পৰিৱৰ্তনৰ দিশত গুৰুত্ব আৰোপ কৰিছিল। কিউএছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত জি-১ -২০ দেশসমূহৰ ভিতৰত বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ভাৰতে সৰ্বাধিক বৃদ্ধি পঞ্জীয়ন কৰাৰ পিছতে তেওঁৰ এই বক্তব্য প্ৰকাশ পাইছে। এই ক্ষেত্ৰত ভাৰতৰ বৃদ্ধিৰ হাৰ হৈছে ৩১৮ শতাংশ। এটা ছচিয়েল মিডিয়া পোষ্টত, প্রধানমন্ত্ৰীয়ে ছাত্র-ছাত্রী, অধ্যাপক আৰু প্রতিষ্ঠানসমূহক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে প্ৰশংসা কৰে। তেওঁ তৃতীয় কাৰ্যকালত গৱ...

June 6, 2024 8:52 PM

views 19

ৰাষ্ট্ৰপতি ভৱনৰ পৰা হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰ্য্যালোচনা

নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে শপত লোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনৰ পৰা হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্য্যালোচনা চলোৱা হয়। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজু, প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্য্যবাহী বিষয়া গৌৰৱ দ্বিবেদী, আকাশবাণীৰ সঞ্চালক প্রধান মৌচুমী চক্ৰৱৰ্তী, দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্ৰসাদকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ বিষয়াই আজি শপত গ্রহণ অনুষ্ঠানৰ সম্প্ৰচাৰ সন্দৰ্ভত পৰ্য্যালোচনা চলায়। উল্লেখযোগ্য যে, এন ডি এৰ সদস্যসক...

June 6, 2024 8:31 PM

views 19

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। উল্লেখযোগ্য যে লোকসভাৰ ৫৪৩ খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা অর্থাৎ এন ডি এই ২৯৩ খন আসন লাভ কৰি তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ দিশে আগবাঢ়িছে। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ লগতে মন্ত্ৰীসভাৰ সদস্যসকলৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক দাখিল কৰিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰি প্রধানমন্ত্ৰীগৰাকীক নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাই নিবলৈ আহ্ব...

June 5, 2024 12:38 PM

views 20

তৃণমূল কর্মীসকলৰ অবিহনে বিজেপিৰ জয় কেতিয়াও সম্ভৱ নাছিল বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল পৰিস্ফূত হোৱাৰ পাছতে কালি নিশা দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা উপস্থিত হৈ দলীয় কার্যকর্তাসকলক সম্বোধন কৰে। দলৰ সভাপতি জে পি নাড্ডাই ভাৰতীয় জনতা পাৰ্টীৰ সকলো কর্মকর্তালৈ ধন্যবাদ জ্ঞাপন কৰি কয় যে, তৃণমূল কর্মীসকলৰ অবিহনে বিজেপিৰ জয় কেতিয়াও সম্ভৱ নহয়। প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ স্নেহৰ ওচৰত ঋণী বুলি উল্লেখ কৰি কয় যে দেশৰ জনতাই এন ডি এ চৰকাৰ...

June 3, 2024 6:03 PM

views 25

২১ শতিকাৰ বিশ্বই ভাৰতলৈ বহু আশাৰে চাই আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২১ শতিকাৰ বিশ্বই ভাৰতলৈ বহু আশাৰে চাই আছে। এখন পত্রযোগে দেশবাসীলৈ নিজৰ মনোভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে, জনসমর্থক সু-শাসন, আদৰ্শ জিলা আৰু আদৰ্শ ব্লকৰ দৰে আঁচনিসমূহৰ বিষয়ে গোলকীয় স্তৰত আলোচনা হৈ আছে। তেওঁ কয় যে, কেৱল ১০ বছৰত ২৫ কোটি লোকক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ লৈ যোৱাটো অভূতপূর্ব। শ্রীমোদীয়ে কয় যে, দৰিদ্ৰসকলক সৱলীকৰণ কৰিবলৈ চৰকাৰে অন্তিম পৰ্যায়লৈ কৰা চেষ্টাই বিশ্বক অনুপ্ৰাণিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে ৪টা দিশ বেগ, স্কেল, পৰি...

June 1, 2024 1:14 PM

২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২০২৩-২৪ বৰ্ষৰ চতুৰ্থ ত্রিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অর্থ ব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰে। এই তথ্যৰ পৰা ভাৰতীয় অর্থ ব্যৱস্থাৰ বিকাশ হাৰ যে আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে সেয়াও স্পষ্ট হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। সামাজিক মাধ্যম যোগে দেশৰ জনসাধাৰণক ধন্যবাদ জনাই শ্রীমোদীয়ে কয় যে, ২০২৩-২৪ বৰ্ষৰ বাবে ৮.২ শতাংশৰ বিকাশ হাৰে ভাৰত যে, গোলকীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ অর্থ ব্যৱস্থাসমূহৰ ভিতৰত সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থ...

May 31, 2024 11:35 AM

views 17

কন্যাকুমাৰীস্থিত বিবেকানন্দ স্মৃতিসৌধত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধ্যান আৰম্ভ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়াৰে পৰা কন্যাকুমাৰীস্থিত বিবেকানন্দ স্মৃতিসৌধত ধ্যান আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ব'ৰ চহৰৰ ভাগৱতী আম্মান মন্দিৰ দৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীক এই মন্দিৰত পূৰ্ণ কুম্ভ সন্মান প্ৰদান কৰা হয়। ইয়াৰ পিছত তেওঁ এম.এল.বিবেকানন্দ জাহাজেৰে বংগোপসাগৰত অৱস্থিত বিবেকানন্দ স্মৃতিসৌধত উপস্থিত হয়। শ্ৰী মোডীয়ে ১ জুনলৈকে সেই স্থানতে ধ্যানত মগ্ন হ'ব। ধ্যান শেষ হোৱাৰ পিছত তেওঁ বিবেকানন্দ শিলৰ সমীপত অৱস্থিত ১৩৩ ফুট উচ্চতাৰ তি...