August 12, 2024 6:57 PM August 12, 2024 6:57 PM
18
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব হস্তী দিৱস পালন
আজি বিশ্ব হস্তী দিৱস। হাতী আৰু মানুহৰ সংঘাত দূৰ কৰাৰ লগতে হস্তীকুলৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এই দিৱস পালন কৰা হয়। ২০১২ চনৰ পৰা প্ৰতি বছৰে এই দিৱস আয়োজিত হৈ আহিছে। এই দিৱস উপলক্ষে আজি হাতী সংৰক্ষণৰ বাবে বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত ১৪৮ টা হাতী চিকিৎসা কৰি বনাঞ্চলত মুকলি কৰি দিয়া হৈছে। কেন্দ্ৰটোৰ চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীয়ে প্ৰকাশ কৰা মতে হাতী-মানুহৰ সংঘাতৰ বিপৰীতে সহাৱস্থান অত্যন্ত প্ৰয়োজন হৈ পৰিছে । অ...