December 20, 2025 7:54 PM

views 7

শিৱৰাজ সিং চৌহানে লিখা এটা প্রবন্ধ সমাজিক মাধ্যম যোগে শ্বেয়াৰ প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিকশিত ভাৰত- গ্রামীন নিয়োগ আৰু জীৱিকা নিশ্চিতকৰণ অভিযান বিধেয়ক, ২০২৫ চমুকৈ জি ৰাম জি বিলৰ উদ্দেশ্যক আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহানে লিখা এটা প্রবন্ধ সমাজিক মাধ্যম যোগে শ্বেয়াৰ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রী মোদীয়ে কয়, যে গ্রাম্য জীৱিকা এটা আধুনিত নিয়োগ নিশ্চিতি পৰিকাঠামোৰ মাজেৰে ৰূপান্তৰ ঘটোৱাটোৱে এই বিধেয়কখনৰ উদ্দেশ্য। শ্রী মোদীয়ে কয়, যে বিধেয়কখনত শ্ৰমিকৰ নিৰাপত্তা শক্তিশালী কৰাৰ লগতে কৃষি উৎপাদনশীলতা উন্নীত কৰা, স্থানীয় পৰিকল্পনা সন্নিৱ...

December 20, 2025 7:49 PM

views 5

পশ্চিমবংগৰ নাডিয়াত আজি প্ৰধানমন্ত্ৰীৰ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প মুকলি আৰু আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি পশ্চিমবংগৰ নাডিয়া জিলাৰ ৰাণাঘাটত প্রায় তিনি হাজাৰ দুশ কোটি টকা মূল্যৰ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প মুকলি কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্রীয়ে নাডিয়া জিলাৰ ৩৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰজাগুলি কৃষ্ণনগৰ সংযোগী ৬৪ দশমিক সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথছোৱা মুকলি কৰে। তেওঁ লগতে উত্তৰ চৌবিশপৰগণা জিলাৰ ৩৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাছাত বৰ্জাগুলী সংযোগী ১৭ দশমিক ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথছোৱাৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভকৰে। এই প...

December 17, 2025 11:38 AM

views 7

নৰেন্দ্ৰ মোদীক ইথিওপিয়াৰ সর্বোচ্চ সন্মান দি গ্রেট অ’নাৰ নিচান অৱ ইথিওপিয়াৰে সন্মানিত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ইথিওপিয়াৰ সর্বোচ্চ সন্মান দি গ্রেট অ'নাৰ নিচান অৱ ইথিওপিয়াৰে সন্মানিত কৰা হৈছে। ইথিওপিয়াৰ প্রধানমন্ত্রী ড০ আবি আহমেদ আলীয়ে শ্রীমোদীক এই সন্মান প্রদান কৰে। দেশখনৰ ৰাজধানী এদ্দিছ আবাবাত থকা এদ্দিছ ইণ্টাৰনেচনেল কনভেনচন চেণ্টাৰত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্রধানমন্ত্ৰীগৰাকীক এই সন্মানেৰে বিভূষিত কৰা হয়। বিশ্বনেতা হিচাপে দূৰদৰ্শী নেতৃত্ব আৰু ভাৰত-ইথিওপিয়াৰ সম্পৰ্ক শক্তিশালী কৰি তুলিবলৈ গ্ৰহণ কৰা ব্যতিক্রমী ভূমিকাৰ বাবে শ্রীমোদীক এই সন্মান প্রদান কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকী...

December 16, 2025 8:16 PM

views 10

দুদিনীয়া জর্দান ভ্রমণ সামৰি প্রধানমন্ত্রী ইথিয়াপিয়াৰ ৰাজধানী অদীছ অবাবাত উপস্থিত

প্রধানমন্ত্রী নৰেন্দ্র মোদী দুদিনীয়া জর্দান ভ্রমণ সামৰি কিছু সময় পূর্বে ইথিয়াপিয়াৰ ৰাজধানী অদীছ অবাবাত উপস্থিত হয়। এই ভ্রমণকালত শ্রীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ সৈতে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পর্কে আলোচনা কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আজি জর্দান ভ্ৰমণৰ অন্তিম দিনা দেশখনৰ ৰজা আব্দুল্লা দ্বিতীয়ৰ সৈতে বিভিন্ন বিষয় লৈ বিশদভাৱে আলোচনা কৰে আৰু উভয় দেশৰ উদ্যোগ জগতৰ কাণ্ডাৰীসকলৰ ব্যৱসায় মঞ্চক উদ্দেশি ভাষণ দিয়ে। ভাৰত আৰু জর্দানে দুয়ো দেশৰ মাজত কূটনৈতিক সম্পর্ক স...

December 15, 2025 12:14 PM

views 8

সম্ৰাট পেৰুম্বিডুগু মুথাৰায়াৰ দ্বিতীয়ৰ স্মৃতিত উলিওৱা ডাক টিকট সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ

দক্ষিণ ভাৰতৰ তাঞ্জাভুৰৰ মুথাৰায়াৰ সাম্ৰাজ্যৰ ছুভাৰান মাৰাণ হিচাপে পৰিচিত সম্ৰাট পেৰুম্বিডুগু মুথাৰায়াৰ দ্বিতীয়ৰ স্মৃতিত কালি মুকলি কৰা এটা ডাক টিকট সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে নতুন দিল্লীত এই ডাক টিকট মুকলি কৰে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সামাজিক মাধ্যমযোগে দিয়া এটা উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে সম্রাট পেৰুম্বিডুগু মুথাৰায়াৰ এগৰাকী দক্ষ, তীক্ষ্ণধী আৰু কৌশলী প্রশাসক আছিল। তেওঁ ন্যায় পৰায়ণতা আৰু তামিল সংস্কৃতিৰ পুৰোধ...

December 10, 2025 7:49 PM

views 14

শ্বহীদ দিৱসত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে দেশৰ ইতিহাসত অসম আন্দোলনৰ বিশেষ স্থান আছে। অসম আন্দোলনত অংশগ্রহণ কৰাসকলৰ সপোন পূৰ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ দোহাৰে। তেওঁ কয় যে ৰাজ্যখনৰ সৰ্বাত্মক উন্নয়ণ তথা সংস্কৃতি শক্তিশালী কৰি তোলাত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। ড’নাৰ মন্ত্ৰী সিন্ধিয়াই সামাজিক মাধ্যমযোগে কয় যে ছহিদসকলে অসমৰ প...

December 4, 2025 11:55 AM

views 24

সামাজিক মাধ্যমত প্ৰাকৃতিক কৃষি পদ্ধতি গ্রহণ আৰু ইয়াৰ প্ৰসাৰৰ বাবে আহ্বান প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰাকৃতিক কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ইয়াৰ জৰিয়তে কৃষিৰ বিবিধতা বৃদ্ধি পায়, য'ত গছ-গছনি আৰু পশুধনে সহাৱস্থানৰ জৰিয়তে প্ৰাকৃতিক জৈৱ-বৈচিত্র্যক শক্তিশালী কৰে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমত এটা প্ৰৱন্ধ শ্বেয়াৰ কৰি দেশৰ জনসাধাৰণক প্ৰাকৃতিক কৃষি পদ্ধতি গ্রহণ আৰু ইয়াৰ প্ৰসাৰৰ বাবে আহ্বান জনায়। তেওঁ কয় যে ভাৰতৰ পাৰস্পৰিক ব্যৱস্থাৰ পৰা উদ্ভৱ হোৱা এই প্রাকৃতিক কৃষিপদ্ধতিত কৃষিজাত আৱৰ্জনাসমূহ পুনৰব্যৱহাৰযোগ্য কৰি খেতিৰ বাবে কৃষিভূমিক উপযোগী কৰি তোলা হয়। শ্...

November 30, 2025 8:06 PM

views 13

আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ বিশেষকৈ যুৱ চামৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ বিশেষকৈ যুৱ চামৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, যে পেচাদাৰীত্ব, সংবেদনশীলতা আৰু দায়বদ্ধতা বৃদ্ধিৰে জনসাধাৰণৰ ধাৰণা সলনি কৰাটো সম্ভৱ হ'ব। আজি ৰায়পুৰত আয়োজিত আৰক্ষী সঞ্চালক প্রধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সন্মিলনত প্রধানমন্ত্রীয়ে অধ্যক্ষতা কৰে। তেওঁ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত আৰক্ষী তথা প্রশাসনক জনবসতিহীন দ্বীপসমূহক একত্ৰিত কৰাৰ বাবে উদ্ভাৱনী কৌশল গ্রহণ কৰি নেটগ্ৰীডৰ অধীনত তথ্য একত্ৰিত কৰি কৃত্রিম বু...

November 24, 2025 6:00 PM

views 14

প্রধানমন্ত্ৰী মোডীয়ে কাইলৈ উত্তৰপ্ৰদেশৰ অযোধ্যাৰ ৰামজনমভূমি মন্দিৰ পৰিদৰ্শন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ উত্তৰপ্ৰদেশৰ অযোধ্যাৰ ৰামজনমভূমি মন্দিৰ পৰিদৰ্শন কৰিব। তেওঁ মহর্ষি বশিষ্ঠ, মহর্ষি বিশ্বামিত্র, মহর্ষি অগ্যস্ত, মহর্ষি বাল্মিকী, দেৱী অহল্যা, নিষধৰাজ গুহা আৰু মাতা শবৰীৰ মন্দিৰ থকা সপ্তমন্দিৰ স্থানো দৰ্শন কৰিব। তাৰ পাছতে প্রধানমন্ত্ৰীয়ে শেষঅৱতাৰ মন্দিৰলৈ যাব। প্রধানমন্ত্রীয়ে মাতা অন্নপূর্ণা মন্দিৰ দৰ্শন কৰিব আৰু ইয়াৰ পাছত ৰামদৰবাৰ গৰ্ভগৃহত পূজা অৰ্চনা কৰিব। ইয়াৰ পাছতে তেওঁ ৰামলালা গৰ্ভগৃহ দৰ্শন কৰিব। শ্রীমোডীয়ে অযোধ্যাৰ শ্ৰীৰামজনমভূমি মন্দিৰৰ চূড়াত গেৰুৱ...

November 23, 2025 7:52 PM

views 24

ভাৰত, ব্রাজিল আৰু দক্ষিণ আফ্রিকা- ৩খন মহাদেশ, ৩খন বৃহৎ গণতন্ত্র আৰু ৩ টা প্রধান অর্থনীতিক একগোট কৰা এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

ভাৰত, ব্রাজিল আৰু দক্ষিণ আফ্রিকা চমুকৈ আই বি এছ এ কেৱল তিনিখন দেশৰ এটা গোটেই নহয় বৰঞ্চ ই ৩ খন মহাদেশ, ৩ খন বৃহৎ গণতন্ত্র আৰু ৩ টা প্রধান অর্থনীতিক একগোট কৰা এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্রকাশ কৰিছে। তিনিওখন দেশে উভয় পক্ষৰে বিকাশৰ ক্ষেত্ৰত পৰিপূৰক হোৱাৰ লগতে দীর্ঘস্থায়ী বিকাশৰ ক্ষেত্ৰত এক নিদর্শন দাঙি ধৰিব পাৰে। জোহান্সবার্গত আই বি এছ এব নেতৃবৰ্গৰ এখন বৈঠকত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে প্রাকৃতিক কৃষি পদ্ধতি, শ্রীঅন্ন, দুর্যোগ ব্যবস্থাপনা, সেউজ শক্তি, পৰম্পৰাগত ঔষধ ...