October 7, 2024 11:16 AM

views 28

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত উন্নয়নৰ পথেৰে ধাৱিত হৈছে: কিৰেণ ৰিজিজু

■ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত উন্নয়নৰ পথেৰে ধাৱিত হৈছে। এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে, মণিপুৰৰ কিছু সংখ্যক ঘটনাৰ বাহিৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বৰ্তমান শান্তি বিৰাজ কৰিছে। কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁ কয় যে, দলটোৱে অঞ্চলটোৰ বিকাশৰ বাবে কোনো ধৰণৰ গঠনমূলক কাম কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ১০ হাজাৰতকৈ অধিক উগ্রপন্থীয়ে অস্ত্রসহ আত্মসমৰ্...

October 2, 2024 8:42 PM

views 19

প্রধানমন্ত্ৰীয়ে উপহাৰ স্বৰূপে লাভ কৰা সামগ্ৰীসমূহৰ ই নিলামৰ সময়সীমা ৩১ অক্টোবৰলৈকে বৃদ্ধি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপহাৰ স্বৰূপে লাভ কৰা সামগ্ৰীসমূহৰ ই নিলামৰ সময়সীমা ৩১ অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে। প্ৰথমে এই সময়সীমা ১৭ চেপ্তেম্বৰৰ পৰা আজিলৈকে আছিল। চৰকাৰে জনসাধাৰণক এই ই নিলামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ই-নিলামৰ পৰা সংগ্ৰহীত ধনৰাশি নমামি গংগে পুঁজিত ব্যৱহাৰ কৰা হ'ব। ইচ্ছুক ব্যক্তিয়ে pmmementos.gov.in official ৱেৱছাইটত পঞ্জীয়ন কৰি ই-নিলামত অংশগ্ৰহণ কৰিব পাৰিব। বিশেষ চিত্রশিল্প, প্ৰসিদ্ধ মন্দিৰৰ প্ৰতিকৃতি, হিন্দু দেৱ-দেৱীৰ প্ৰতিকৃতি, পেৰালিম্পিয়ানসকলৰ জোত...

October 2, 2024 8:33 PM

views 13

ঝাৰখণ্ডৰ হাজাৰিবাগত প্রধানমন্ত্ৰীৰ ৮৩, ৩০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ হাজাৰিবাগত ৮৩ হাজাৰ ৩০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি কৰে। এই প্রকল্পসমূহৰ ভিতৰত ধৰতী আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান আছে যাৰ মুঠ ব্যয় হৈছে ৭৯ হাজাৰ ১৫০ কোটি টকা। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী জনজাতি আদিৱাসী নয়া মহা অভিযানৰ অন্তৰ্গত বিভিন্ন প্রকল্পও আছে। প্রধানমন্ত্রীয়ে ৪০ খন একলব্য বিদ্যালয় মুকলি কৰাৰ লগতে ২৫ খন একলব্য বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। হাজাৰিবাগৰ বিনোৱা ভাৱে বিশ্ববিদ্যালয় প্ৰাঙ্গনত এই উপলক্ষে আয়োজিত...

October 2, 2024 7:41 PM

views 16

দেশৰ মুঠ ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ আঁচনিৰ উদ্বোধন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত স্থাপন হ'বলগীয়া চাৰিটা গুৰুত্বপূৰ্ণ প্ৰকল্পকে ধৰি দেশৰ মুঠ ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ ভার্চুৱেল ব্যৱস্থাৰে আধাৰশিলা স্থাপন কৰে। অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়াত সংকুচিত জৈৱ গেছ প্রকল্প স্থাপনৰ ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডলৈ আগবঢ়োৱা বিনিয়োগ আৰু ব্যক্তিগত উদ্যমীৰ সৈতে সহযোগিতাৰে ৰূপায়ণ কৰিবলগীয়া আঁচনিৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৱে এই প্রকল্পকেইটা স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নগৰীয়া গোটা আৱৰ্জনাক জৈৱ গে...

October 2, 2024 9:32 AM

views 19

চি বি জি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ভার্চুৱেলী অংশগ্ৰহণ কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অইল ইণ্ডিয়া লিমিটেড গুৱাহাটী, তিনিচুকীয়া, যোৰহাট আৰু শিৱসাগৰত স্থাপন কৰিবলগীয়া চি বি জি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰিব। শিৱসাগৰ, যোৰহাট আৰু তিনিচুকীয়াত আজি পুৱা ৯.৩০ বজাত আৰু গুৱাহাটীত পুৱা ১০ বজাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডে এখন বিবৃতিযোগে এই কথা প্রকাশ কৰিছে।

October 1, 2024 8:35 PM

views 12

নতুন দিল্লীত ড° এন্ড্রিউ হ’লনেছৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ'লনেছৰ সৈতে বাৰ্তালাপত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে হায়দৰাবাদ হাউছত ড° হলনেছক আদৰণি জনায়। দুয়োখন দেশে আজি ডিজিটেল ৰাজহুৱা আন্তঃগাথনি, সাংস্কৃতিক বিনিময় আৰু ক্ৰীড়াৰ ক্ষেত্ৰত ৪ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এটা যৌথ প্ৰেছ বিবৃতিত প্রধানমন্ত্রী মোদীয়ে কয় যে, জামাইকাৰ প্ৰধানমন্ত্ৰী ভ্ৰমণক ভাৰতে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। মোদীয়ে লগতে কয় যে ভাৰত আৰু জামাইকাৰ সম্পৰ্ক, বিনিময়ৰ ইতিহাস গণতান্ত্রিক মূল্যব...

September 23, 2024 3:21 PM

views 20

২০১৮ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আজি ৬ বছৰৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাখনে আজি ছবছৰৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা ছবছৰত এই অভিলাসী আঁচনিখনে লাখ লাখ লোকৰ জীৱন স্পৰ্শ কৰিছে আৰু আশা, নিৰাময়ৰ ক্ষেত্ৰত জীৱন ৰক্ষাকাৰী চিকিৎসা প্ৰদান কৰিছে। তেওঁ লগতে কয় যে আয়ুস্মান ভাৰতৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা যাত্ৰাই এটা জাতিৰ স্বাস্থ্য আৰু মংগল উন্নত কৰাৰ লক্ষ্যৰে একত্ৰিত হৈছে। শ্রী নাড্ডাই দুর্বল শ্ৰেণী...

September 17, 2024 8:27 PM

views 13

দেশ মহিলা, খেতিয়ক, যুৱ প্ৰজন্ম, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ সম অংশগ্ৰহণেৰে বিকশিত ভাৰত গঢ়াৰ দিশে ক্ষীপ্ৰ গতিত আগবাঢ়িছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশ মহিলা, খেতিয়ক, যুৱ প্ৰজন্ম, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ সম অংশগ্ৰহণেৰে বিকশিত ভাৰত গঢ়াৰ দিশে ক্ষীপ্ৰ গতিত অগ্ৰসৰ হৈছে। ওড়িয়াৰ ভূৱনেশ্বৰৰ জনতা ময়দানত আজি বিয়লি এখন সংবাদ মেলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ হৈছে আৰু এই সময়ছোৱাত ভালেমান প্ৰকল্প আৰু আঁচনি আৰম্ভ কৰা হৈছে। তেওঁ কয় যে, তৃতীয় কার্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত গৃহহীন লোকৰ বাবে ৩ কোটি পকী ঘৰৰ নিৰ্মাণ, ২৫ হাজ...

September 14, 2024 8:40 PM

views 18

কাইলৈ ঝাৰখণ্ডৰ জামছেদপুৰত ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ঝাৰখণ্ডৰ জামছেদপুৰৰ টাটা নগৰ ৰে'লৱে ষ্টেচনৰ পৰা পতাকা জোকাৰি ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই ৰে'লগাড়ীসমূহে ঝাৰখণ্ডক অন্য ৰাজ্যৰ সৈতে সংযুক্ত কৰিব। ৰে'ল নেটৱৰ্কৰ আধুনিকীকৰণ আৰু ঝাৰখণ্ড তথা চুবুৰীয়া ৰাজ্যসমূহৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা প্ৰয়াসৰ অংশ হিচাপে এই ৰে'লগাড়ীসমূহৰ যাত্ৰা শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত ঝাৰখণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্পৰ শুভাৰম্ভ কৰা হ'ব । ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বন্দে ভা...

September 14, 2024 8:38 PM

views 17

কাইলৈ জামছেদপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন হস্তান্তৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জামছেদপুৰৰ এটা অনুষ্ঠানত ঝাৰখণ্ডৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন হস্তান্তৰ কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কয় যে, প্রধানমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰায় ২০ হাজাৰ হিতাধিকাৰীৰ মাজত আৱণ্টন পত্ৰও বিতৰণ কৰিব। ইয়াৰ উপৰি ৫ কোটিৰো অধিক টকা এটা ক্লিকৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ জৰিয়তে হস্তান্তৰ কৰা হ'ব। ৪৬ হাজাৰ হিতাধিকাৰীৰ নৱনিৰ্মিত বাসগৃহৰ গৃহ প্ৰৱেশ অন...