November 19, 2024 6:05 PM

views 10

জি-২০ শীর্ষ সন্মিলনত কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে প্রধানমন্ত্ৰীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলৰ ৰিঅ' ডি জেনেঅ'ত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ আপাহতে কালি কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে বৈঠকত মিলিত হয়। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে ইজিপ্তৰ ৰাষ্ট্ৰপতি অব্দেল ফটহ অল চিচি, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন ছুক য়োল আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উছুলা, ৱ'ন ডেৰ লেএনসহ কেইবাগৰাকীও নেতাৰ সৈতে হোৱা এই আলোচনাৰ সবিশেষ প্ৰকাশ কৰিছে। ইউৰোপীয় সংঘৰ অধক্ষৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে ভাৰতে বিশ্বৰ হিতৰ বাবে ইউৰোপীয় সংঘৰ সৈতে ঘনিষ্ঠ সহযোগিতা...

November 16, 2024 8:56 PM

views 10

মহাৰাষ্ট্ৰৰ মহা মিত্ৰজোঁট চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি সমাজৰ প্ৰতিটো শ্ৰেণীক সৱলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্ব আৰোপ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মহা মিত্ৰজোঁট চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি সমাজৰ প্ৰতিটো শ্ৰেণীক সৱলীকৰণৰ বাবে গুৰুত্ব আৰোপ কৰে। মেৰা বুথ সবছে মজবুত কাৰ্যসূচীৰ অধীনত শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ বিজেপি কৰ্মীসকলৰ লগত ভার্চুৱেল ব্যৱস্থাৰে বাৰ্তালাপ কৰি কয়, যে মহাৰাষ্ট্ৰৰ জনসাধাৰণ মহায়ুটি চৰকাৰৰ আঢ়ৈ বছৰীয়া শাসনত অতিশয় সন্তুষ্ট। তেওঁ বিজেপি কৰ্মীসকলৰ অদম্য ত্যাগক প্ৰশংসা কৰি কয়, যে কর্মীসকলে বিগত কেইবামাহো ধৰি অক্লান্তভাৱে কাম কৰি যোৱাটো গণতন্ত্ৰৰ সৰ্ববৃহৎ তপস্য...

November 13, 2024 6:05 PM

views 12

দ্বাৰভাংগাত প্রধানমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দ্বাৰভাংগাত ১২ হাজাৰ কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথনি খণ্ডক বিশেষ মাত্ৰা প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আজি দ্বাৰভাংগাত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান- এইমছৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে এহেজাৰ ২৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই এইমছৰ প্ৰতিষ্ঠানৰ চৌহদটো অত্যাধুনিক ছুপাৰ স্পেছিয়েলিটি হাস্পতাল আৰু আয়ুষ মণ্ডল, চিকিৎসা মহাবিদ্যালয়, নাৰ্ছিং মহাবিদ্যালয়, নৈশ আ...

November 12, 2024 8:19 PM

views 10

বিশ্ব বিলিয়াড চেম্পিয়ন ২০২৪ৰ খিতাপ অৰ্জন কৰা পংকজ আদৱানীক প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্ব বিলিয়াড চেম্পিয়ন ২০২৪ৰ খিতাপ অৰ্জন কৰাৰ বাবে পংকজ আদৱানীক শুভেচ্ছা জ্ঞাপন কৰিছে। প্রধানমন্ত্রী মোদীয়ে এটা বাৰ্তাত তেওঁৰ খেলৰ প্ৰতি সমৰ্পন, আগ্ৰহ আৰু দায়বদ্ধতাৰ বাবে প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে খেলুৱৈগৰাকীৰ সাফল্যই নৱ প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰি থাকিব বুলি আশা প্রকাশ কৰে ।

November 12, 2024 8:22 AM

views 28

উত্তৰাখণ্ডৰ জনতাক ইগাছ উৎসৱ উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ অনিল বালুনিৰ নতুন দিল্লীত থকা বাসগৃহত কালি ইগাছ উৎসৱত ভাগ লয়। উল্লেখযোগ্য যে ইগাছ হৈছে উত্তৰাখণ্ডৰ পৰম্পৰাগত পোহৰৰ উৎসৱ। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে দেশৰ জনসাধাৰণ আৰু উত্তৰাখণ্ডৰ জনতাক এই উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ আনন্দ, সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে, প্রায় বিলুপ্ত হৈ পৰা এই ইগাছ উৎসৱ এতিয়া উত্তৰাখণ্ডৰ লোকসকলৰ বিশ্বাসৰ ভেটি হিচাপে গঢ় লৈ উঠিছে। তেওঁ উত্তৰাখণ্ডৰ লোকসকলক এই পৰম্পৰাগত উ...

November 11, 2024 11:48 AM

views 11

শ্ৰীস্বামীনাৰায়ণ মন্দিৰৰ ২০০ বছৰীয়া জয়ন্তী সমাৰোহত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে গুজৰাটৰ ৱাডটলত শ্ৰীস্বামীনাৰায়ণ মন্দিৰৰ ২০০ বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰিব। তেওঁ এই উপলক্ষে সমবেত লোকসকলক উদ্দেশ্যি ভাষণো দিব। উল্লেখযোগ্য যে ৱাডটলৰ শ্ৰীস্বামীনাৰায়ণ মন্দিৰে কেইবা দশক ধৰি জনসাধাৰণৰ সামাজিক তথা আধ্যাত্মিক জীৱনক প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

November 8, 2024 12:31 PM

views 10

অৰ্ঘৰে সামৰণি পৰা ষষ্ঠ পূজা উপলক্ষে সকলোৰে প্ৰতি প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ অৰ্ঘৰে সামৰণি পৰা ষষ্ঠ পূজা উপলক্ষে সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রী মোদীয়ে কয় যে, চাৰিদিনজোৰা ষষ্ঠ মহাপৰ্বৰ জৰিয়তে প্ৰকৃতি আৰু সংস্কৃতিৰ অপূৰ্ব সমাহাৰ সকলোৱে প্ৰত্যক্ষ কৰে আৰু জনসাধাৰণক নতুন উদ্যম আৰু শক্তিৰে অনুপ্ৰাণিত কৰি তোলে ৷

November 7, 2024 1:07 PM

views 55

ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টেলিফোনযোগে ডনাল্ড ট্রাম্পৰ সৈতে কথা পাতে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত লাভ কৰা আকৰ্ষণীয় জয়ৰ বাবে তেওঁক অভিনন্দন জনায়। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ আৰু আন ভালেমান খণ্ডত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিবলৈ পুনৰ একেলগে কাম কৰিবলৈ আগ্রহী। প্রধানমন্ত্ৰীয়ে লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নিৰ্বাচনৰ ৰিপাব্লিকান দলৰ প্ৰদৰ্শনৰ বাবেও ৰাষ্ট্ৰপতি ট্রাম্পক অভিনন্দন ...

November 4, 2024 5:48 PM

views 16

ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ৰাজ্যবাসীলৈ প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ ৩ৰ পৰা ৯ তাৰিখলৈ অসমত পালন কৰি থকা ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্রধানমন্ত্ৰীয়ে ভাষা গৌৰৱ সপ্তাহৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয় যে, এই সপ্তাহটো অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়া উপলক্ষে অসমৰ জনসাধাৰণৰ উদ্যমৰ প্ৰতীক। তেওঁ কয় যে, এই সপ্তাহটোত উদযাপন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীয়ে বিভিন্ন সংস্কৃতি আৰু জনসাধাৰণৰ সংযোগ গভীৰ কৰি তুলিব। প্রধানমন্ত্ৰীয়ে অসমৰ বাহিৰৰ লোক সকলকো এ...

November 2, 2024 12:32 PM

views 16

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰ ভ্ৰমণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ৮ তাৰিখে বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শাসকীয় মহাজোঁটৰ বাবে তেওঁ ধুলেত প্ৰচাৰ চলাব। প্রধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ অন্যান্য স্থানতো নিৰ্বাচনী প্ৰচাৰ চলাব ৷