December 19, 2024 12:41 PM

views 14

দুদিনীয়া ভ্রমণসূচীৰে অহা ২১ ডিচেম্বৰত প্রধানমন্ত্ৰী কুৱেইতলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১ ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত উপস্থিত হ'ব। কুৱেইটৰ আমীৰ শ্বেইখ মেচাল অল আহমেদ অল জাবেৰ অল চবাহৰ আমন্ত্ৰণক্ৰমে দেশখন ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব যোৱা ৪৩ বছৰত দেশ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্রী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে কুৱেইটৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। উল্লেখযোগ্য যে, কুৱেইটত ব...

December 17, 2024 8:09 PM

views 14

ৰাজস্থানত ৪৬ হাজাৰ কোটিতকৈও অধিক টকা ব্যয়সাপেক্ষ ২৪ টা প্ৰকল্প মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰত শক্তি, পথ, জল আৰু ৰে'ল খণ্ডৰ সৈতে জড়িত ৪৬ হাজাৰ কোটিতকৈও অধিক টকা ব্যয়সাপেক্ষ ২৪ টা প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ভজনলাল শর্মা নেতৃত্বাধীন চৰকাৰৰ এবছৰীয়া বর্ষপূর্তি উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই প্রকল্পসমূহৰ ভিতৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পাৰ্বতী- কালীসিন্ধ—চম্বল সংযোগী প্রকল্প অন্যতম। আজি শ্ৰীমোদীৰ উপস্থিতিতে দুয়োখন ৰাজ্যৰ মাজত এই প্ৰকল্পৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্...

December 17, 2024 6:51 PM

views 32

তুলসী গৌড়াৰ মৃত্যুত প্রধানমন্ত্ৰীৰ শোকপ্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ পদ্ম বঁটাৰে সন্মানিত পৰিৱেশবিদ তুলসী গৌড়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। জীৱন কালত বহু হাজাৰ বৃক্ষ ৰোপণ কৰি পৰিৱেশ ৰক্ষাত অগ্রণী ভূমিকা গ্ৰহণ কৰা শ্ৰীমতী গৌড়াৰ মহান কৰ্মৰাজিৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয়, যে আমাৰ ধৰিত্ৰী ৰক্ষাৰ বাবে কাম কৰি অহা নতুন প্ৰজন্মক তুলসী গৌড়াৰ জীৱন আৰু কৃতিয়ে সদায় অনুপ্ৰাণিত কৰি যাব।

December 8, 2024 11:31 AM

views 14

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাগৰিকসকলক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাৰ আৰৰ শক্তি হ’বলৈ আহ্বান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ যাত্ৰাৰ আৰৰ শক্তি হ'বলৈ আহ্বান জনাইছে। তেওঁ লগতে অবধাৰণা বিনিময়ৰ বাবে যুৱক-যুৱতীসকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যে অহা মাহত বিকশিত ভাৰত যুৱ নেতা আলোচনা অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কালি বিয়লি ভার্চুৱেল ব্যৱস্থাৰে বোছাছনৱাসী অক্ষৰ পুৰুষোত্তম স্বামী নাৰায়ণ বি এ পি এছ সংস্থাৰ স্বেচ্ছাসেৱক সকলৰ সন্মানৰ্থে আহমেদাবাদত আয়োজিত কাৰ্যকাৰ স্বৰ্ণ মহোৎসৱ সম্বোধন কৰি এইদৰে আহ্বান জনায়। শ্রী মোদীয়ে কয়,...

December 3, 2024 4:41 PM

views 11

দেশত নতুনকৈ প্ৰৱৰ্তন কৰা ৩খন ফৌজদাৰী আইনৰ পুনৰীক্ষণ প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত নতুনকৈ প্ৰৱৰ্তন কৰা তিনিখন ফৌজদাৰী আইনৰ পুনৰীক্ষণ কৰিছে। চণ্ডিগড়ত অনুষ্ঠিত এই পুনৰীক্ষণত গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব। বিশেষ বিমান যোগে চণ্ডীগড়ত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনী আৰু প্ৰশাসনৰ অন্যান্য বিষয়াই আদৰণি জনায়। শ্রী মোদীয়ে পঞ্জাব অভিযান্ত্রিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এটা অনুষ্ঠানত ভাষণ দিয়ে।

December 1, 2024 12:04 PM

views 10

সৰ্বভাৰতীয় বাৰ্ষিক আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শক সন্মিলনৰ আজি দ্বিতীয় দিন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে দ্বিতীয় দিনাৰ বাবে সৰ্বভাৰতীয় বাৰ্ষিক আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকৰ সন্মিলনত অংশগ্ৰহণ কৰিব। ওড়িশাৰ ভূবনেশ্বৰত তিনি দিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনৰ আজি অন্তিম দিন। কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে প্রধানমন্ত্ৰীৰ সৈতে দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ জড়িত বিভিন্ন বিষয়ে আলোচনা কৰিব। আভ্যন্তৰীণ সুৰক্ষা, নতুন অপৰাধ আইন, উপকূলীয় সুৰক্ষা, চাইবাৰ অপৰাধ, কৃত্রিম বুদ্ধিমত্তা আদ...

November 25, 2024 7:13 PM

views 17

‘এক পেড় মা কে নাম’ পদক্ষেপত গায়েনাৰ ৰাষ্ট্ৰপতিৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়েনাৰ ৰাষ্ট্ৰপতি ড° ইৰফান আলীক ‘এক পেড় মা কে নাম' পদক্ষেপত তেওঁৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কালি প্ৰচাৰিত মন কী বাত অনুষ্ঠানত গায়েনাৰ ভাৰতীয় সম্প্রদায়ক প্ৰশংসা কৰি কয় যে ড° ইৰফান আলীৰ সমৰ্থন সদায় স্মৰণীয় হৈ ৰ'ব।

November 25, 2024 7:00 PM

views 14

এইবাৰৰ শীতকালীন অধিৱেশন কেইবাটাও কাৰণত বিশেষ হৈ ৰ’ব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

আজি আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশন ফলপ্রসূ হোৱাৰ লগতে অধিৱেশনকালত গঠনমূলক বিতৰ্ক আৰু আলোচনাৰ পৰিৱেশ অটুত থাকিব বুলি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্রকাশ কৰিছে। অধিৱেশন আৰম্ভ হোৱাৰ আগতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী মোদীয়ে কয় যে সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰৰ আৰম্ভণিৰ লগতে এইবাৰৰ শীতকালীন অধিৱেশন কেইবাটাও কাৰণত বিশেষ হৈ ৰ'ব। তেওঁ কয়, যে এয়া গণতন্ত্ৰত এটা গৌৰৱময় মাইলৰ খুটি। বিৰোধী পক্ষক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, যে ৰাইজে নাকচ কৰা এমুঠিমান মানুহে বিশৃংখলতাৰ সৃষ্...

November 22, 2024 8:20 PM

views 18

নাইজেৰিয়া, ব্রাজিল আৰু গায়েনা ভ্ৰমণৰ সময়ছোৱাত বিশ্ব নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ কেইবাখনো দ্বিপাক্ষিক বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাঁচদিনীয়া নাইজেৰিয়া, ব্রাজিল আৰু গায়েনা ভ্ৰমণৰ সময়ছোৱাত বিশ্ব নেতাসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হয়। শ্রীমোদীয়ে এই ত্রিদেশীয় ভ্রমণ কালত ৩১খন দ্বিপাক্ষিক বৈঠকৰ লগতে বিশ্ব নেতাসকলৰ সৈতে অনানুষ্ঠানিক আলোচনাতো মিলিত হয়। এই ভ্রমণ কালত শ্রীমোদীয়ে নাইজেৰিয়াৰ তিনিখন, ব্রাজিলত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ অৱসৰত ১০খন আৰু গায়েনাত ৯খন এনে বৈঠকত ভাগ লয়। ব্রাজিলত প্রধানমন্ত্রীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রোবোৱো ছুবিয়াণ্টো, পর্তুগালৰ প্ৰধানমন্ত্রী লুই...

November 21, 2024 11:58 AM

views 18

ভাৰত সদায় কেৰীকম সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে থিয় দি আহিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

ভাৰত কোভিড অথবা প্রাকৃতিক বিপর্যয়েই হওক বা উন্নয়নমূলক বিষয়েই হওক সদায় কেৰীকম সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে থিয় দি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গায়ানাৰ জৰ্জটাউনত যোৱানিশা দ্বিতীয় ভাৰত-কেৰীকম শীর্ষ সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে, এই সন্মিলন ৫ বছৰৰ মূৰত অনুষ্ঠিত হৈছে আৰু এই ৫ বছৰত বিশ্বৰ আমূল পৰিৱৰ্তন হৈছে। এই সময়ছোৱাত মানৱজাতি কেতবোৰ বৃহৎ জটিলতাৰ সন্মুখীন হৈছে আৰু ইয়াৰ ফলত গ্ল'বেল ছাউথ ৰূপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভ...