January 9, 2025 8:43 PM

views 16

জিনম ইণ্ডিয়া প্রকল্পই দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত এক বিশেষ মুহূৰ্ত চিহ্নিত কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিভিন্ন গোলকীয় সমস্যা সমাধানৰ বাবে বিশ্বই ভাৰতৰ মুখলৈ চাই আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। নতুন দিল্লীত আজি অনুষ্ঠিত জিনমিক্স ডাটা কনক্লেভত প্রধানমন্ত্ৰীগৰাকীয়ে এটা ভিডিঅ' বার্তাযোগে উল্লেখ কৰে যে জিনম ইণ্ডিয়া প্রকল্পই দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত এক বিশেষ মুহূৰ্ত চিহ্নিত কৰিছে। তেওঁ উল্লেখ কৰে যে জৈৱ অৰ্থনীতিয়ে বহনক্ষম উন্নয়নৰ গতি প্ৰদান কৰে। বিগত ১০ বছৰত দেশত জৈৱ অৰ্থনীতিৰ বিকাশ বৃদ্ধি পাইছে। তেওঁ কয় যে ২০১৪ চনত দেশত জৈৱ অৰ্থনীতিৰ মূল্য আছিল ১০ বিলিয়ন ডলাৰ। এতিয়া ই ১...

January 9, 2025 4:33 PM

views 11

বহিঃৰাষ্ট্ৰত থকা ভাৰতীয়সকলৰ সৈতে সম্পৰ্কত নতুন মাত্রা প্ৰদান প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বহিঃৰাষ্ট্ৰত থকা ভাৰতীয়সকলৰ সৈতে সম্পৰ্কত নতুন মাত্রা প্ৰদান কৰি তেওঁলোকক দেশৰ বিশ্বব্যাপী ভাবমূর্তি আৰু বিকাশৰ অবিচ্ছেদ্য অংগ কৰি তুলিছে। আমেৰিকা-ইণ্ডিয়া কমিউনিটি ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডাঃ ভাৰত বাৰাইয়ে এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত লিখা এটা প্ৰবন্ধত এই বিষয়ে প্রকাশ কৰে৷ ড০ বাৰাইয়ে কয় যে, হিউষ্টনত ‘হাউডি মোডী’, কুৱেইটৰ ‘হালা মোডী', আৰু মহাদেশখনৰ আন অসংখ্য অনুষ্ঠানে প্রবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত যোগাযোগৰ কথাকে প্ৰতিফল...

January 9, 2025 4:08 PM

views 16

তিৰুপতিত ভক্তৰ হেঁচা ঠেলাত কেইবাগৰাকী লোকৰ মৃত্যুৰ ঘটনাক লৈ ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোকপ্রকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত ভক্তৰ হেঁচা ঠেলাত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গভীৰ শোকপ্রকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এটা শোকবার্তাত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ আশুআৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়সকললৈ সমবেদনা প্রকাশ কৰি কয়, যে ৰাজ্য চৰকাৰে এই ঘটনাত আঘাতপ্রাপ্ত লোকসকলক সম্ভা সকলো ধৰণৰ সহায় আগবঢ়াইছে। উল্লেখয...

January 7, 2025 12:59 PM

views 15

নতুন দিল্লীত কালি জেক চুলিভানক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কালি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। তেওঁলোকে ভাৰত-আমেৰিকাৰ মাজত বিগত চাৰি বছৰত গঢ়ি উঠা গোলকীয় কৌশলগত অংশীদ্বাৰিত্বৰ বিষয়সমূহ- বিশেষকৈ প্ৰযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, নিকা শক্তি, অর্ধপৰিবাহী, আৰু কৃত্রিম বুদ্ধিমত্তাৰ মূল ক্ষেত্ৰসমূহত হোৱা অগ্ৰগতিৰ মূল্যায়ন কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে বিভিন্ন সময়ত অনুষ্ঠিত বৈঠকৰ কথা উল্লেখ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-আমেৰিকাৰ মাজৰ কৌশলগত অংশীদ্বাৰিত্ব শক্তিশালী...

January 3, 2025 10:10 PM

views 10

দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ অশোক বিহাৰৰ বস্তি এলেকাত বাস কৰা লোকৰ বাবে নিৰ্মাণ কৰা প্ৰায় ১,৭০০টা বাসগৃহ মুকলি কৰে আৰু যোগ্য হিতাধিকাৰী সকলক বাসগৃহৰ চাবি প্ৰদান কৰে। শ্রীমোদীয়ে বাসগৃহ লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে কথা-বতৰাত মিলিত হোৱাৰ লগতে বাসগৃহসমূহ পৰিদৰ্শনো কৰে। এই নৱনিৰ্মিত বাসগৃহসমূহৰ উদ্বোধনৰ লগে লগে দিল্লী উন্নয়ন প্ৰাধিকৰণৰ বস্তি এলেকাত পুনর্বাস প্ৰকল্পৰ দ্বিতীয় পর্যায় সম্পূৰ্ণ হ'ল। বস্তি এলেকাত বাস...

January 3, 2025 12:56 PM

views 19

নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ অশোক বিহাৰত বস্তি এলেকাত বাস কৰা লোকৰ বাবে নিৰ্মাণ কৰা প্ৰায় এহেজাৰ ৭০০টা বাসগৃহ মুকলি কৰিব আৰু হিতাধিকাৰীসকলক বাসগৃহৰ চাবি প্ৰদান কৰিব। এই নৱনিৰ্মিত বাসগৃহসমূহৰ উদ্বোধনৰ লগে লগে দিল্লী উন্নয়ন প্ৰাধীকৰণৰ বস্তি এলেকাত পুনর্বাস প্ৰকল্পৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ হ'ব। বস্তি এলেকাত বাস কৰা লোকসকলক প্রয়োজনীয় সা-সুবিধাসহ জীৱন ধাৰণৰ বাবে উন্নত আৰু স্বাস্থ্যসন্মত বাতাবৰণ প্ৰদান কৰাই এ...

January 2, 2025 8:27 PM

views 11

মান্নাথু পদ্মনাভনক তেওঁৰ জন্ম দিনত শ্ৰদ্ধাৰে স্মৰণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মান্নাথু পদ্মনাভনক তেওঁৰ জন্ম দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে তেওঁক এগৰাকী প্ৰকৃত দূৰদৰ্শী বুলি অভিহিত কৰিছে। তেওঁ এখন উন্নত সমাজ গঢ়াৰ বাবে প্ৰচেষ্টা চলোৱাৰ উপৰি নাৰী সৱলীকৰণ আৰু মানুহৰ দুখ-কষ্ট নিৰাময়ৰ বাবে যথেষ্ট উদ্যোগ লৈছিল বুলিও শ্রী মোদীয়ে কয়। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে প্ৰয়াত পদ্মনাভনে শিক্ষা আৰু শিক্ষণৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিছিল৷

January 2, 2025 8:20 PM

views 14

নতুন দিল্লীত কাইলৈ প্রধানমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰী মোদীয়ে অশোক বিহাৰত প্ৰায় এহেজাৰ ৭০০টা নৱনিৰ্মিত ফ্লেট উদ্বোধন কৰি হিতাধিকাৰীসকলক ফ্লেটৰ চাবি প্ৰদান কৰিব। বস্তি অঞ্চলৰ লোকৰ পুনৰ সংস্থাপন প্ৰকল্পৰ অধীনত দিল্লী উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে বস্তি অঞ্চলত বসবাস কৰা লোকসকলক উপযুক্ত সা-সুবিধা থকা এটা উন্নত আৰু স্বাস্থ্যকৰ পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে নৌৰ...

December 26, 2024 8:32 PM

views 9

চৰকাৰে যুৱ শক্তিক সৱলীকৰণ কৰাৰ উদ্দেশ্যে আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিশ্বই যুৱ শক্তিৰ বাবে আশা আৰু আকাংক্ষাৰে ভাৰতলৈ চাইছে। নতুন দিল্লীত আজি আয়োজিত বীৰ শিশু দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে কয় যে চৰকাৰে যুৱ শক্তিক সৱলীকৰণ কৰাৰ উদ্দেশ্যে আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে। তেওঁ কয় যে ষ্টার্ট-আপ ইকো- চিষ্টেম, মহাকাশ অর্থনীতি, ক্রীড়া, নির্মাণ উদ্যোগ, দক্ষতা বিকাশ বা ইন্টার্ণশ্বিপ আঁচনি -এই সকলোবোৰ যুৱকেন্দ্ৰিক নীতিৰে যুগুত কৰা হৈছে যাতে ইয়াৰ দ্বাৰা যুৱ প্ৰজন্ম উপকৃত হয়। শ্রীমোদীয়ে কয় যে ষ্টার্ট- আপৰ পৰা বিজ্ঞানল...

December 21, 2024 8:30 PM

views 18

দুদিনীয়া ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কুৱেইটত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটত উপস্থিত হয়। দেশখনত উপস্থিত হোৱাৰ পাছত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ উপ-প্রধানমন্ত্ৰী শ্বেইখ ফাহাদ ইউছেফ ছ'ড অল-ছাবাহ আৰু ভালেমান মন্ত্ৰী আৰু গণ্য-মান্য ব্যক্তিয়ে বিমান বন্দৰত উষ্ম আদৰণি জনায়। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী মোদীয়ে প্ৰকাশ কৰে যে এই ভ্রমণে ভাৰত আৰু কুৱেইটৰ বিভিন্ন ক্ষেত্ৰৰ লগতে বন্ধুত্বপূর্ণ সম্পর্ক সুদৃঢ় কৰিব। অনাগত দুটা দিনত প্রধানমন্ত্রীয়ে বিভিন্ন কার্যসূচীত অংশগ্ৰহণ কৰিব। কুৱেইটৰ আমিৰ শ্বেইখ মেছল অল-আহম...