February 7, 2025 9:24 PM

views 16

৩ দিনীয়া ভ্রমণসূচীৰে অহা সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ দিনীয়া ভ্রমণসূচীৰে অহা সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হ'ব। এই ভ্রমণ কালত শ্ৰীমোদীয়ে পেৰিচত হ'বলগীয়া কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে সহ-অধ্যক্ষতা কৰিব। আজি নতুন দিল্লীত বৈদেশিক সচিব বিক্রম মিশ্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ কথা জানিবলৈ দি কয় যে শ্রীমোদীয়ে অহা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা৷

February 7, 2025 8:48 PM

views 15

ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ’ব

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বৃত্তিৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰী কাৰ্যালয়ৰ ইউ টিউব চেনেল আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ'ব।

February 2, 2025 6:29 PM

views 20

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে সঞ্চয়, বিনিয়োগ, সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে দেশৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি অভিহিত কৰিছে। এই বাজেটে বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি দেশৰ যাত্ৰাক ত্বৰান্বিত কৰিব বুলিও তেওঁ উল্লেখ কৰে। এই বাজেটে কৃত্রিম বুদ্ধিমত্তা, পুতলা নির্মাণ, কৃষি, জোতা-চেণ্ডেল, খাদ্য প্ৰসংস্কৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত বহনক্ষম উন্নয়ন তথা উদ্ভাৱন আৰু উদ্যমিতাৰ পথ প্ৰশস্ত কৰা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই বাজেটত ১৪০ কোটি জনতাৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ...

January 27, 2025 8:15 PM

views 12

ভূৱনেশ্বৰত কাইলৈ ওড়িশা-মেক ইন ইণ্ডিয়া সন্মিলন উদ্বোধন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভূৱনেশ্বৰৰ জনতা ময়দানত উৎকর্ষ ওড়িশা-মেক ইন ইণ্ডিয়া সন্মিলন উদ্বোধন কৰিব। দুদিনীয়াকৈ হবলগীয়া এই সন্মিলনত ২০ খন বিদেশী ৰাষ্ট্ৰৰ ৭ হাজাৰ ৫শৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই সন্মিলনখনত শক্তিশালী অৰ্থনীতিৰ ভেটি স্থাপন হোৱাৰ লগতে ই কৃষক আৰু শ্ৰমিকৰ বাবে বৃহৎ সুযোগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। সন্মিলনত এশৰো অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব আৰু এই চুক্তিসমূহৰ জৰিয়তে ৩ লাখ ৫০ হাজাৰ লোকৰ কৰ্মসংস্থাপনৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছে।

January 24, 2025 1:04 PM

views 15

নতুন দিল্লীত গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলগীয়া অতিথিসকলক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এইবাৰৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্য, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক, প্রতীকপটৰ শিল্পী আৰু জনজাতীয় সম্প্ৰদায়ৰ অতিথিসকলক সাক্ষাৎ কৰিব। এইবছৰ গণৰাজ্য দিৱসৰ সমাৰোহত সাংস্কৃতিক বৈচিত্ৰ আৰু সামৰিক শক্তিৰ প্ৰদৰ্শন কৰা হ'ব। সমাৰোহত সংবিধানৰ ৭৫ সংখ্যক বাৰ্ষিকী আৰু গণ অংশগ্ৰহণত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। এই সমাৰোহত ‘স্বর্ণিম ভাৰত : ঐতিহ্য আৰু উন্নয়ন' বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি সাজি উলিওৱা বিভিন্ন ৰাজ্য, কেন্...

January 22, 2025 2:57 PM

views 43

বেটি বচাও বেটি পঢ়াও অভিযানৰ ১০ বছৰ সম্পূৰ্ণ

বেটি বচাও বেটি পঢ়াও অভিযান ৰূপান্তৰকামী তথা জনসাধাৰণ পৰিচালিত আন্দোলনত পৰিগণিত হৈছে আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে এই অভিযানত ভাগ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বেটি বচাও বেটি পঢ়াও অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত ছ'চিয়েল মিডিয়াযোগে মত প্রকাশ কৰি শ্ৰী মোদীয়ে আজি কয় যে এই আন্দোলনে লিংগ বৈষম্য দূৰ কৰাত সহায় কৰিছে আৰু কন্যা শিশুৰ বাবে শিক্ষা আৰু সপোন বাস্তবায়িত কৰাৰ সুযোগ নিশ্চিত কৰাৰ উদ্দেশ্যে সঠিক বাতাৱৰণ সৃষ্টি কৰিছে। তেওঁ লগতে কয় যে এই অভিযানৰ ৰূপায়ণৰ পাছৰে প...

January 19, 2025 8:59 PM

views 36

ষ্টাৰ্ট আপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই, বৰং এই সংস্কৃতি দেশৰ দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈ সম্প্ৰসাৰিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ষ্টাৰ্ট আপ ইণ্ডিয়াৰ ৯ বছৰ সম্পূৰ্ণ হোৱা প্ৰসংগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানৰ ১১৮ সংখ্যক খণ্ডত কয়, যে দেশৰ ষ্টাৰ্ট আপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই। বৰং এই সংস্কৃতি জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশক লৈ চিহ্নিত কৰা দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈ সম্প্ৰসাৰিত হৈছে। আজি মন কী বাতত প্রধানমন্ত্রীয়ে মহাকাশ খণ্ডত দেশৰ শেহতীয়া সাফল্যৰ প্ৰশংসা কৰে । বাংগালুৰুত থকা ভাৰতীয় মহাকাশ প্রযুক্তি ষ্টাৰ্ট আপ পিকচেলৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীমোদীয়ে দেশৰ প্ৰথমটো ব্যক্ত...

January 18, 2025 8:25 PM

views 17

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৬৫ লাখৰো অধিক সম্পত্তি কাৰ্ড বিতৰণ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীসকলৰ মাজত স্বামীত্ব আঁচনিৰ অধীনত প্রায় ৬৫ লাখ সম্পত্তি কাৰ্ড বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে আজিৰ দিনটোক গ্ৰাম্য অৰ্থব্যৱস্থাৰ বাবে ঐতিহাসিক বুলি অভিহিত কৰে। তেওঁ কয়, যে স্বামীত্ব আঁচনি ৰূপায়ণ কৰাৰ পাছৰে পৰা বিগত ৫ বছৰত ২ কোটি ২৫ লাখৰো অধিক সম্পত্তিৰ নথি জাৰি কৰা হৈছে। সঠিক সম্পত্তিৰ নথিৰ অভাৱক এক প্ৰকাৰৰ বৃহৎ সমস্য...

January 17, 2025 10:12 AM

views 20

ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সর্ববৃহৎ Globel Mobility Expo অর্থাৎ আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন কৰিব। এই মেলাৰ মূল বিষয়বস্তু হৈছে সীমাৰ উৰ্ধত : ভৱিষ্যতৰ মটৰগাড়ী মূল্য শৃংখলাৰ সহ নির্মাণ। এই দৃষ্টিভংগীৰ মূল উদ্দেশ্যে হৈছে বহনক্ষম আৰু অত্যাধুনিক কাৰিকৰী অগ্ৰগতিত গুৰুত্ব আৰোপ কৰি মটৰগাড়ী আৰু আহ-যাহ ক্ষেত্ৰত সহযোগিতা আৰু উদ্ভাৱনৰ প্ৰসাৰ সাধন কৰা ।

January 12, 2025 8:46 PM

views 65

যুৱ প্ৰজন্মৰ শক্তিয়ে ভাৰতক শীঘ্ৰে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশা প্রকাশ

যুৱ প্ৰজন্মৰ শক্তিয়ে ভাৰতক শীঘ্ৰে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বিকশিত ভাৰত যুৱ নেতা আলোচনাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতৰ যুৱ শক্তিয়ে উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। তেওঁ কয়, যে নতুন প্ৰজন্মৰ ওপৰত তেওঁৰ গভীৰ আস্থা আছে আৰু যুৱ প্ৰজন্মই সকলো সমস্যাৰ সমাধান উলিয়াবলৈ সমর্থ হ'ব। প্রধানমন্ত্রী মোদীয়ে কয়, যে প্ৰতিজন নাগৰিকৰ সক্ৰিয় অংশগ্রহণ আৰু ঐক্যৱদ্ধ প্ৰচেষ্টাৰ দ্...