March 21, 2025 9:56 AM
12
গাঁওসমূহক বিকশাই তোলাৰ আৱশ্যকতাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰোপ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত নিৰ্মাণৰ প্ৰথম খোজ হিচাপে গাঁওসমূহক বিকশাই তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। গুজৰাটৰ ভৰৱাড় সমাজৰ সৈতে জড়িত বাৱলিয়লি ধাম অনুষ্ঠানত ভিডিঅ' কন্সফাৰেন্সিং ব্যৱস্থাৰে ভাষণ দি শ্রীমোদীয়ে কালি বিষয়টোত গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে ভাষণত সমূহীয়া প্ৰচেষ্টাৰ বিষয়ে আলোকপাত কৰে আৰু লালকিল্লাৰ পৰা দিয়া বিবৃতিৰ বিষয়ে উল্লেখ কৰি সকলোৰে প্ৰচেষ্টাক দেশৰ মহান শক্তি বুলি দোহাৰে। তেওঁ লগতে আধুনিকতাৰ মাধ্যমেৰে সম্প্ৰদায়সমূহক সবল কৰি তোলাৰ বাবে শিক্ষাৰ গুৰুত্বৰ ব...