November 16, 2025 11:05 AM

views 24

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা গুজৰাটত ৯৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি গুজৰাটৰ জনজাতীয় বসতিপ্রধান নর্মদা জিলাৰ ডেডিয়াপাড়া নগৰত ৯৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। স্বাস্থ্য, আন্তঃগাঁথনি, শিক্ষা আৰু ঐতিহ্যৰ সৈতে জড়িত এই প্রকল্পসমূহত জনজাতীয় সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কিম্বদন্তী জনজাতীয় নেতা তথা স্বাধীনতা সংগ্রামী ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জন্মবার্ষিকীৰ লগত সংগতি ৰাখি পালন কৰা জনজাতীয় গৌৰৱ দিৱস উপলক্ষে এই প্রকল্পসমূহ মুকলি কৰা হৈছে। প্রধানমন্ত্ৰীয়ে...