July 20, 2025 8:24 PM

views 18

২৩ জুলাইৰ পৰা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ২৩ৰ পৰা ২৬ তাৰিখলৈ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ কৰিব। এই ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ২৩ ৰ পৰা ২৪ জুলাইলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰ্মাৰৰ আমন্ত্রণমর্মে ব্ৰিটেইনলৈ যাব। এই ভ্ৰমণকালত শ্রীমোদীয়ে ভাৰত ব্রিটেইন দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে প্রধানমন্ত্ৰী ষ্টাৰ্মাৰৰ সৈতে ব্যাপকভাৱে আলোচনা কৰিব। দুয়োগৰাকী নেতাই আঞ্চলিক আৰু গোলকীয় স্বাৰ্থ জড়িত বিভিন্ন সমস্যা তথা বিষয়ত মত বিনিময় কৰিব। প্ৰধানমন্ত্রী মোদীয়ে ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰাৰ সম্ভাৱন...