September 21, 2025 7:02 PM
32
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অৰুণাচল প্ৰদেশত ৫,১০০ কোটি টকাতকৈও অধিক পৰিমানৰ পুঁজি বয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰাৰ লগতে ৩,৭০০ কোটি টকা ব্যয় সাপেক্ষ দুটা বৃহৎ জলবিদ্যুৎ প্রকল্প আধাৰশিলাও স্থাপন কৰিব। এই কাৰ্যসূচীৰ মাজতে প্রধানমন্ত্ৰীয়ে আন বিভিন্ন প্ৰকল্পৰ লগতে সীমামুৰীয়া টাৱাঙ জিলাত নিৰ্মাণ কৰিবলগীয়া এটা অত্যাধুনিক সন্মিলন কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে ইটানগৰত এখন ৰাজহুৱা সভাত ভাষণ দিয...