September 15, 2024 7:26 PM

views 29

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাঁচীত ভার্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাঁচীত ভার্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন মোকলাই দিয়ে। হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ ৩২ কোটি টকা ডিজিটেল ব্যৱস্থাৰে হস্তান্তৰিক কৰা হয়। ইয়াৰ উপৰি ৩২ হাজাৰ বাসগৃহৰ আৱণ্টনপত্ৰ বিতৰণ কৰা হয়। হিতাধিকাৰীসকলৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ৪৬ হাজাৰ বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানো সম্পন্ন কৰা হয়। জনসাধাৰণক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, পৰৱৰ্তী ৫ বছৰত ২ কোটি অতিৰিক্ত বাসগৃহ নিৰ্মাণ কৰা হব। তেওঁ কয় যে, দেশৰ জনজাতীয়, বঞ...