October 21, 2024 7:37 PM

views 10

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ ৰাছিয়ালৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষোড়শ ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা অর্থাৎ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ ৰাছিয়ালৈ যাব। প্রধানমন্ত্ৰীয়ে এই সন্মিলনৰ আপাহতে সদস্য ৰাষ্ট্ৰৰ নেতা তথা অন্যান্য আমন্ত্রিত ব্যক্তিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৯ খনলৈ বৃদ্ধি পোৱাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে এই সন্মিলন অনুষ্ঠিত হৈছে। ২০২৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ইজিপ্ত, ইৰাণ, ইথিউপিয়া আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক অন্তৰ্ভুক্ত কৰাৰ...