August 24, 2024 8:59 PM

views 30

আকাশবাণীত কাইলৈ দিনৰ ১১ বজাত ‘মন কী বাত’ অনুষ্ঠানত জনসাধাৰণৰ সৈতে প্ৰধানমন্ত্ৰীৰ মতবিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণী যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত কাইলৈ দিনৰ ১১ বজাত দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৩ সংখ্যক খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে এয়াৰ নিউজ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এয়াৰ নিউজ, ডিডি নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটোৰ পাছতেই আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।