June 17, 2024 8:48 PM

views 24

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পি এম কিষাণ আঁচনিৰ ১৭সংখ্যক কিস্তিৰ ধন কাইলৈ কৃষকক প্ৰদান কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পি এম কিষাণ আঁচনিৰ ১৭সংখ্যক কিস্তিৰ ধন দেশৰ প্ৰায় ১০ কোটি কৃষকক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব। সেই উপলক্ষে উত্তৰ প্ৰদেশৰ বৰানসীত পি এম কিষাণ সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনখনৰ সৈতে সংগতি ৰাখি লাইভ ৱেবকাষ্টৰ জৰিয়তে দেশৰ কেইবাটাও নিৰ্বাচিত স্থানৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ আন আন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কৰ কলীয়াপানীৰ জিলা কৃষি বিজ্ঞান কেন্দ্রতো পি এম কিষাণ সন্মিলনৰ লাইভ ৱেবকাষ্টৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয...