January 11, 2025 12:25 PM

views 16

নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা বৈঠকত কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৩ হাজাৰ যুৱ নেতাৰে বাৰ্তালাপ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতৰ মহান আধ্যাত্মিক নেতা তথা যুৱ আইকন স্বামী বিবেকানন্দৰ জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়। এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে সমগ্ৰ দেশৰ ৩ হাজাৰ সক্ৰিয় যুৱ নেতাৰ সৈতে বাৰ্তালাপ কৰিব। তেওঁ লগতে অংশগ্ৰহণকাৰীসকলে প্রযুক্তি, বহনক্ষমতা, নাৰী সবলীকৰণ, নিৰ্মাণকাৰ্য আৰু কৃষিকে ধৰি ১০টা বিষয়ত লিখা শ্ৰেষ্ঠ ৰচনাসমূহৰ এটা সংকলন মুকলি কৰিব। এই বিকশিত ভাৰত য...