July 13, 2024 9:02 PM

views 19

মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৯ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান প্রকল্প মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ২৯ হাজাৰ কোটিৰে অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্রকল্প মুকলি কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে, বর্তমান চৰকাৰে মুম্বাইক ডাঙৰ বিত্তীয় কেন্দ্ৰ আৰু বিশ্বৰ বিত্ত প্রযুক্তি ৰাজধানী ৰূপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। চৰকাৰে মুম্বাইৰ জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।