September 21, 2024 7:24 PM

views 29

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি ২৬ ছেপ্টেম্বৰত বিজেপিৰ কৰ্মী, স্বেচ্ছাসেৱক, সমৰ্থকৰ সৈতে প্ৰধানমন্ত্ৰীৰ ‘মেৰা বুথ চবচে মজবুট’ কাৰ্যসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি ২৬ ছেপ্টেম্বৰত বিজেপিৰ কৰ্মী, স্বেচ্ছাসেৱক আৰু সমৰ্থকসকলৰ সৈতে ‘মেৰা বুথ চবচে মজবুট’ কাৰ্যসূচীৰ অধীনত মত বিনিময় কৰিব । নমো এপৰ জৰিয়তে সেইদিনা দুপৰীয়া প্ৰায় চাৰে ১২ বজাত তেওঁ বিজেপি কৰ্মীসকলৰ সৈতে কথা পাতিব। প্রধানমন্ত্রীয়ে বিজেপিৰ কৰ্মী, স্বেচ্ছাসেৱক আৰু সমৰ্থকসকলক প্ৰশ্ন আৰু পৰামৰ্শ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।