June 4, 2025 11:41 AM

views 10

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ জম্মু-কাশ্মীৰত চেনাব ৰে’ল দলং উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ জম্মু-কাশ্মীৰত চেনাব দলং উদ্বোধন কৰিব বুলি কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ সিঙে কয়, যে বিশ্বৰ সৰ্বোচ্চ এই ৰে'ল দলং নৱ ভাৰতৰ শক্তি আৰু দৰ্শনৰ প্ৰতীক হিচাপে থিয় দিছে। তেওঁ লগতে কয়, যে উধমপুৰ- শ্ৰীনগৰ-বাৰামুল্লা ৰে'ল যোগাযোগ প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা চেনাব ৰে'ল দলংখন অতি প্রতিকূল প্রাকৃতিক প্ৰত্যাহ্বানৰ মাজতো অটল হৈ থাকিব পৰাকৈ অত্যাধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।