August 10, 2025 7:17 PM

views 20

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নতুন দিল্লীৰ সাংসদসকলৰ বাবে নিৰ্মাণ কৰা ১৮৪ টা আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ বাবা খৰকসিং মাৰ্গত সাংসদসকলৰ বাবে নিৰ্মাণ কৰা ১৮৪ টা আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখযোগ্য যে টাইপ ছেভেন আৰ্হিৰ আৱাসেৰে কেইবামহলীয়া এই অট্টালিকাটো নতুনকৈ নিৰ্মাণ কৰা হৈছে। ভৱন উদ্বোধনৰ এই অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে কাইলৈ এজোপা সেন্দূৰ গছৰ পুলি ৰোপণ আৰু শ্রমজীৱিসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে জনসাধাৰণক সম্বোধন কৰি ভাষণ দিব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত প্রকাশ কৰা এটা বিবৃতিত জানিবলৈ দিয়া মতে, প্রায় ৫ হাজাৰ বৰ্গফুট এলেকাৰে সামৰা ...