September 9, 2024 11:46 AM

views 24

নতুন দিল্লীত আজি আবুধাৱিৰ ৰাজকুমাৰৰ সৈতে দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত আবুধাৱিৰ ৰাজকুমাৰ শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত আৰু সংযুক্ত আৰৱ আমিৰীৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ ব্যাপক ক্ষেত্ৰসমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। আবুধাৱিৰ ৰাজকুমাৰগৰাকী কালি তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণত সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা ব্যৱসায়িক প্রতিনিধিয়ে তেওঁক সংগ দিছে। তেওঁ কাইলৈ মুম্বাইত এখন বাণিজ্যিক সন্মিলনত অংশগ্ৰহণ কৰ...