September 10, 2024 8:57 PM

views 24

গোলকীয় সমস্যাৰ স্থানীয় সমাধান উলিওৱাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলকীয় সমস্যাৰ স্থানীয় সমাধান উলিওৱাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত নৱগঠিত অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচনৰ পৰিচালনা পৰিষদৰ প্ৰথমলানি বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে প্ৰকাশ কৰে। বৈঠকত প্রধানমন্ত্ৰীয়ে গৱেষণা অনুকুল ব্যৱস্থাৰ ক্ষেত্ৰত অন্তৰায়ৰূপে দেখা দিয়া বাধাসমূহ চিনাক্ত কৰিবলৈ আৰু এই সমস্যাসমূহ দূৰ কৰাৰ বাবে পদক্ষেপ লবলৈ আহ্বান জনায়। তেওঁ কয় যে গৱেষণাত বৰ্তমানৰ সমস্যাৰ সমাধান সূত্ৰ উলিওৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা উচিত ৷ ...