May 12, 2025 7:19 PM

views 22

সিন্দুৰ অভিযান সম্পৰ্কত দেশবাসীক উদ্দ্যেশি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিশা ৮ বজাত ভাষণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নিশা ৮ বজাত সিন্দুৰ অভিযান সম্পৰ্কত দেশবাসীক উদ্দ্যেশি ভাষণ দিব। জম্মু-কাশ্মীৰৰ পেহেলগামত এগৰাকী নেপালৰ নাগৰিক আৰু ২৫ জন ভাৰতীয়ক সন্ত্রাসবাদীয়ে বৰভাৱে আক্রমণ চলায় হত্যা ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল। এই অভিযানত পাকিস্তানৰ কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস হোৱাৰ লগতে কমেও ১০০ জন সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি সেনাবাহিনীয়ে প্ৰকাশ কৰিছিল। প্ৰধানমন্ত্রী মোডীয়ে আজি বিয়লি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত এখন উচ্চ পৰ্য্যায়ৰ বৈঠকত অধ্যক্...