September 21, 2025 10:58 AM
18
পৰনিৰ্ভৰশীলতা ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ
পৰনিৰ্ভৰশীলতা হৈছে ভাৰতৰ সবাতোকৈ ডাঙৰ শত্ৰু আৰু আমাৰ দেশে বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীলতা অতিক্ৰম কৰিব লাগিব। প্রধানমন্ত্রী শ্রীমোদীয়ে কালি গুজৰাটৰ ভাব নগৰত অনুষ্ঠিত সমুদ্র সে সমৃদ্ধি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়। আত্মনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে ছেমিকণ্ডাক্টৰৰ পৰা জাহাজ নির্মাণলৈ সকলো খণ্ডতে ঘৰুৱা উৎপাদনশীলতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে ১৪০ কোটি ভাৰতীয়ৰ ভৱিষ্যত বিদেশী শক্তিৰ ওচৰত যিদৰে এৰি দিব নোৱাৰি, সেইদৰে ৰাষ্ট্ৰৰ উন্নয়নৰ ক্ষেত্ৰতো...